গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ কৰিড'ৰ হিচাপে চিহ্নিত চৰাইদেউ জিলাত সষ্টম হৈ পৰিছে নিৰাপত্তাৰক্ষী। গণৰাজ্য দিৱসৰ আগে-পাছে যাতে কোনো উগ্ৰপন্থী সংগঠনে কূটাঘাত সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাৰ বিভিন্ন স্থানত অধিক কটকটীয়া কৰি তোলা হৈছে তালাচী ব্যৱস্থা।
তাৎপৰ্যপূৰ্ণ যে শান্তিপূৰ্ণভাৱে আৰু জনসাধৰণে মুক্ত মনে গণৰাজ্য দিৱসৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউৰ সীমামূৰীয়া অঞ্চলসমূহত সেনা আৰু আৰক্ষীয়ে নিঃছিদ্ৰ তালাচী ব্যৱস্থা গ্ৰহণ কৰিছে।
নাগালেণ্ডৰ সীমা পাৰ কৰি আহি যাতে অসমৰ কাষৰীয়া জিলাসমূহত যাতে কোনেও কূটাঘাত সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে দৈনিক আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে তালাচী ব্যৱস্থা কৰাৰ লগতে নিৰাপত্তা দিশটো অধিক কটকটীয়া কৰি তুলিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|