খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিশাল আয়োজন। কাইলৈ নিযুক্তি পত্ৰ লাভ কৰিব প্ৰায় ৪৫ হাজাৰ চাকৰি প্ৰত্যাশীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰদান কৰিব নিয়োগ পত্ৰ। এইবাৰ নিৰ্মাণ কৰা নাই কোনো বিশাল মণ্ডপ। মুকলি আকাশৰ তলত বহাৰ ব্যৱস্থা চাকৰি প্ৰত্যাশীসকলক।
প্ৰায় ৮০ হাজাৰ লোক সমৱেত হোৱাৰ সম্ভাৱনা আছে বৃহস্পতিবাৰৰ দিনটোত। ৪৪,৭০৩গৰাকী চাকৰি প্ৰত্যাশীৰ লগতে তেওঁলোকৰ অভিভাৱকসকলো উপস্থিত থাকিব পাৰিব। বিশেষকৈ মহিলাসকলৰ লগত আৰু দিব্যাংগসকলৰ লগত আহিব পাৰিব অভিভাৱকসকল (Massive recruitment letter distribution ceremony at Khanapara)।
খানাপাৰা খেলপথাৰত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা হৈছে। প্ৰায় ৭০ হাজাৰ আসন সাজু কৰা হৈছে। ভাগে ভাগে সাজু কৰা হৈছে আসনসমূহ। মুকলি আকাশৰ তলতে বহাৰ ব্যৱস্থা কৰা হৈছে। খোৱাপানীৰ সুবিধা থাকিব। পুৰুষ মহিলাৰ সুকীয়া শৌচালয় থাকিব। বুধবাৰে প্ৰস্তুতি নিৰীক্ষণ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, অজন্তা নেওগ, নন্দিতা গাৰ্লোছাই। উপস্থিত থাকে দায়িত্ববাহী বিভাগৰ বিষয়া–কৰ্মীসকল। প্ৰতিটো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে। কোনো ধৰণৰ সুৰুঙা যাতে ৰৈ নাযায় তাৰ বাবে বুধবাৰৰ পৰাই মন্ত্ৰী, বিষয়া সকলো ব্যস্ত হৈ পৰিছে।
Published by: Gautam Barman
FIRST PUBLISHED : May 24, 2023, 19:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।