অভিযোগ অনুসৰি কোনো লোকে স্পৰ্শকাতৰ অঞ্চলটিত চলাই আহিছিল পাহাৰ খনন
অভিযোগ অনুসৰি কোনো লোকে স্পৰ্শকাতৰ অঞ্চলটিত চলাই আহিছিল পাহাৰ খনন
উত্তৰ গুৱাহাটী আনন্দ নগৰত ব্যাপক ভূমিস্খলন। পাহাৰ খননৰ বাবেই এই ভূমিস্খলন।পাহাৰৰ পৰা নামি অহা বোকামাটিৰ ঢলে ক্ষতি সাধন কৰে কেইবাটাও ঘৰ।
ভূমিস্খলনৰ ফলত নৈৰ পাৰত নকৈ নিৰ্মাণ কৰা পাৰ্কিউপাইন ৰেলিঙৰো বিস্তৰ ক্ষতি হয় বুলি জানিব পৰা গৈছে (landslide in North Guwahati, Anand Nagar)।
অভিযোগ অনুসৰি কোনো লোকে স্পৰ্শকাতৰ অঞ্চলটিত চলাই আহিছিল পাহাৰ খনন। ফলত প্ৰবল বৰষুণত নামি আহে বোকা মাটি। ভূমিস্খলনৰ বাবে আনন্দ নগৰত যাতায়াত ব্যৱস্থাতো অসুবিধা হৈছে। আনহাতে যিকোনো মুহূৰ্তত পুনৰ ভূমিস্খলনৰ আশংকা কৰা হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|