নগাঁও জিলাত গাঁওবুঢ়া নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত প্ৰাৰ্থীয়ে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গাঁওবুঢ়াৰ নিযুক্তিত ৰাজনৈতিক হস্তক্ষেপ এৰাই চলিবলৈ প্ৰশাসনিক বিষয়াসকলক নিৰ্দেশ দিয়াৰ পিছতো ৰাজনৈতিক পৃষ্ঠপোষকতাত নগাঁৱত গাঁওপ্ৰধানৰ নিযুক্তি হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
ইয়াৰোপৰি বয়সৰ জালিয়াতি আৰু ভুৱা প্ৰমাণপত্ৰৰেও নিযুক্তি পোৱাৰ অভিযোগ উত্থাপিত হৈছে। ফলত নগাঁও জিলাত ১৪০জন গাঁওবুঢ়াৰ বাবে হোৱা নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক বেমেজালি হোৱাৰো অভিযোগ উত্থাপন হৈছে। নগাঁও জিলাৰ গাঁওবুঢ়াৰ নিযুক্তি প্ৰক্ৰিয়াৰ বহু বঞ্চিত প্ৰাৰ্থীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য বিচাৰি আবেদন কৰাৰ লগতে মুখ্যমন্ত্ৰীকো এই অনিয়মৰ তদন্ত বিচাৰি আবেদন জনাইছে।
নগাঁও জিলাৰ পুৰণিগুদামৰ ২নং হাতীগাঁৱৰ গাঁওবুঢ়া হিচাপে নিযুক্তি লাভ কৰিছে শংকৰ বৰুৱাই। পিছে এই শংকৰ বৰুৱা হৈছে পুৰণিগুদাম গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ৰূপজ্যোতি বৰুৱাৰ স্বামী। কংগ্ৰেছৰ একাংশ নেতাৰ পৃষ্ঠপোষকতাতে এই নিযুক্তি হোৱাৰ অভিযোগ দাখিল কৰি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখালৈ ইয়াৰ তদন্ত কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে বঞ্চিত প্ৰাৰ্থী বৰ্ণালী গায়নে।
বৰ্ণালী গায়নে সংবাদ মাধ্যমৰ সন্মুখত কৰা অভিযোগ অনুসৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীও এই অনিয়মত জড়িত। একেদৰে ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বাটমাৰী-কেৰিমেৰী গাঁওৰ গাঁওবুঢ়াৰ পদত নিযুক্তি লাভ কৰা আনাৰুল ইছলামৰ বয়স ভোটাৰ কাৰ্ডত ২৮ বছৰ যদিও তেওঁ জালিয়াতিৰে বয়স ৩০ বছৰলৈ বৃদ্ধি কৰি নিযুক্তি লোৱাৰো অভিযোগ উঠিছে।
এইক্ষেত্ৰত বঞ্চিত প্ৰাৰ্থীসকলে ব্যাপক ধনৰ লেনদেন হোৱাৰো অভিযোগ উত্থাপন কৰিছে। নিযুক্তিৰ নামত একাংশ উচ্চপদস্থ বিষয়াই লক্ষাধিক টকাৰ উৎকোচ সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে। সেয়ে বিষয়টোৰ যথোচিত তদন্ত সম্পূৰ্ণ নোহোৱালৈকে সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈকো চৰকাৰক অনুৰোধ জনাইছে বঞ্চিত প্ৰাৰ্থীসকলে।
Published by: Gautam Barman
FIRST PUBLISHED : March 15, 2023, 21:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।