உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নিশা গোলাঘাটৰ ধূবি চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড! নিমিষতে জুইত জাহ গ'ল ২০টাতকৈ অধিক বাসগৃহ

    নিশা গোলাঘাটৰ ধূবি চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড! নিমিষতে জুইত জাহ গ'ল ২০টাতকৈ অধিক বাসগৃহ

    ভোক্তভোগী পৰিয়ালৰ ৭ দিনৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে জিলা উপায়ুক্তই।

    ভোক্তভোগী পৰিয়ালৰ ৭ দিনৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে জিলা উপায়ুক্তই।

    ভোক্তভোগী পৰিয়ালৰ ৭ দিনৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে জিলা উপায়ুক্তই।

    • Share this:
    বৃহস্পতিবাৰে নিশা গোলাঘাটৰ ধূবি চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইত জাহ গ'ল ২০ টাতকৈ অধিক বাসগৃহ। দুৱৰা ফাৰ্ণিচাৰ নামৰ ব্যৱসায়িক কাঠৰ গুদামৰ পৰা জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।  দুটাকৈ চিলেণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

    ইফালে ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ অগ্নি নিৰ্বাপক বাহিনীৰ বিৰুদ্ধে। জুই নিৰ্বাপনৰ বাবে কাষৰীয়া মেৰাপানী,দেৰগাঁও,নুমলীগড় তেল শোধনাগাৰ,সৰুপথাৰ তথা যোৰহাটৰ পৰা আনিবলগীয়া হয় অগ্নি নিৰ্বাপক বাহিনীৰ বাহন।

    ঘটনাত সৌভাগ্যক্ৰমে কাষতে থকা কেইবাটাও বাসগৃহ কথমপি ৰক্ষা পৰে। চকুৰ সমুখতে নিজৰ ঘৰখন জাহ যোৱা দেখি হিয়া ধাকুৰি কান্দিলে ভুক্তভোগীয়ে। পিছত ঘটনাস্থলীত উপস্থিত হয় গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, চক্ৰ বিষয়া, গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।

    ভুক্তভোগী ৰাইজৰ সৈতে মত বিনিময় কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে  ৭ দিনৰ বাবে পৰিয়ালকেইটাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে জিলা উপায়ুক্তই।সমান্তৰালকৈ প্ৰশাসনৰ নিয়ম অনুসৰি ভুক্তভোগীৰ বাবে ক্ষতিপূৰণৰো ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই।
    Published by:Himangshu Bhuyan
    First published: