শুকুৰবাৰে নিশা যোৰহাটৰ চোলাধৰাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চোলাধৰাৰ শাস্ত্ৰী পিঠত অৱস্থিত শ্লোগান কেফে নামৰ ৰেষ্টুৰেণ্টখনত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত জুইত সম্পূর্ণ ৰূপে জাহ যায় ৰেষ্টুৰেণ্টখন। কেইবাজনো যুৱক লগ হৈ এক নতুন পৰিকল্পনাৰে মুকলি কৰা ৰেষ্টুৰেণ্টখন যুৱচামৰ মাজত কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল।
জুইৰ সূত্ৰপাত কেনেদৰে হ'ল সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই যদিও ফটকা-আটচবাজীৰ ফিৰিঙতিৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ ধাৰণা কৰা হৈছে। পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণ কৰে যদিও জুইত ৰেষ্টুৰেণ্টখনৰ কেইবালাখ টকাৰ সম্পত্তি জাহ যায় ।