মদ খাবলৈ পইচা নিদিলে পিতৃয়ে! মেৰাপানীত মাতাল পুত্ৰই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

News18 Assam | News18-Assam
Updated:February 13, 2020, 8:17 AM IST
মদ খাবলৈ পইচা নিদিলে পিতৃয়ে! মেৰাপানীত মাতাল পুত্ৰই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড
সুৰাপায়ী পুত্ৰ জীতেন গগৈয়ে দীৰ্ঘদিনৰ পৰা শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল বৃদ্ধ পিতৃ বদন গগৈক।

সুৰাপায়ী পুত্ৰ জীতেন গগৈয়ে দীৰ্ঘদিনৰ পৰা শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল বৃদ্ধ পিতৃ বদন গগৈক।

  • Share this:
নিজ পুত্ৰই বাসগৃহত অগ্নিসংযোগ কৰাৰ ঘটনাক লৈ বুধবাৰে উত্তেজনাৰ সৃষ্টি হয় মেৰাপানীৰ ১নং নৱজ্যোতি গাঁৱত। কুলাংগাৰ পুত্ৰই সুৰাৰ ৰাগিত মাতাল হৈ নিজৰ বাসগৃহ আৰু ধানভৰ্তি ভঁৰালগৃহত অগ্নিসংযোগ কৰাত নিমিষতে চাৰখাৰ হয় দোয়োটা গৃহ।

সুৰাপায়ী পুত্ৰ জীতেন গগৈয়ে দীৰ্ঘদিনৰ পৰা শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল বৃদ্ধ পিতৃ বদন গগৈক। জীৱিকাৰ সন্ধান নকৰি একমাত্ৰ মদ আৰু ভাঙৰ ৰাগিত মাতাল হৈ থকা জীতেনৰ পৰিয়ালৰ ভৰন–পোষণৰ দ্বায়িত্ব লৈ আহিছিল বৃদ্ধ পিতৃ বদন গগৈয়ে। বিচৰা ধন হাতত নপৰিলেই পিতৃৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল কুলাংগাৰ পুত্ৰ জীতেনে।

বুধবাৰেও পিতৃক ধনদাবী কৰি ভাবুকি দিছিল জীতেনে। কিন্তু অসহায় পিতৃয়ে ধন দিব নোৱাৰাত সুৰাৰ ৰাগিত মাতাল হৈ জীতেনে অগ্নিসংযোগ কৰে বাসগৃহত। বাসগৃহটো নিমিষতে জুইত জাহ যোৱাৰ লগতে কাষতে থকা ধানভৰ্তি ভঁৰাল গৃহটোও জ্বলি ভস্মীভূত হয়।

ইফালে অগ্নিসংযোগৰ সময়ত পিতৃয়ে বাধা প্ৰদানৰ আপ্ৰাণ চেষ্টা চলাইছিল যদিও জীতেনে হাতত দা লৈ আক্ৰমণ কৰিবলে খেদি যায় বৃদ্ধ পিতৃক। সম্প্ৰতি অভিযুক্ত জীতেন পলাতক। উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপিছে অসহায় পিতৃ বদন গগৈ।
আৰু চাওক
পৰৱৰ্তী বাতৰি