কিন্তু নিশা প্ৰায় ২ বাজি ৩০মিনিটত কোনো অজ্ঞাত লোকে আব্দুল ওৱাহাবৰ ঘৰত অগ্নিসংযোগ কৰে।
কিন্তু নিশা প্ৰায় ২ বাজি ৩০মিনিটত কোনো অজ্ঞাত লোকে আব্দুল ওৱাহাবৰ ঘৰত অগ্নিসংযোগ কৰে।
পত্নীৰ সৈতে হোৱা সংঘাতৰ পৰিণতিতে নগাঁৱত জোৱায়েকে জ্বলালে শহুৰেকৰ ঘৰ। নগাঁও চহৰৰ মাজ-মজিয়াৰ কচলুখোৱাত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, আজিৰ পৰা ৬ বছৰ পূৰ্বে ভোটাইআটি নিবাসী ৰাতুল হুছেইন ছাৰদাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নগাঁৱৰ কচলুখোৱাৰ আব্দুল ওৱাহাবৰ কন্যা ৱাহিদা বেগম। কিন্তু বিয়াৰ পিছৰ পৰাই ৱাহিদাক তীব্ৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছিল। সেয়ে দেওবাৰে, কচলুখোৱা আৰু ভোটাইআটিৰ ৰাইজে ৰাজহুৱা বিচাৰ কৰি ৱাহিদাক স্বামীগৃহলৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
কিন্তু নিশা প্ৰায় ২ বাজি ৩০মিনিটত কোনো অজ্ঞাত লোকে আব্দুল ওৱাহাবৰ ঘৰত অগ্নিসংযোগ কৰে। এই অগ্নিকাণ্ডৰ পৰা আব্দুল ওৱাহাবৰ পৰিয়ালটোয়ে কথমপি প্ৰাণৰক্ষা কৰে যদিও দুচকীয়া বাহন সহ কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।
আব্দুল ওৱাহাব আৰু ৱাহিদা বেগমৰ অভিযোগ, ৰাতুল হুছেইন ছাৰদাৰেই এই দুষ্কাৰ্য সংঘটিত কৰিছে। এই ঘটনাৰ পিছতে আব্দুল ওৱাহাবে মৰিকলং থানাত ৰাতুল হুছেইন ছাৰদাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|