অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে তৎপৰতাৰে জুই নিৰ্বাপন কৰাত ৰক্ষা পৰে আন কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান৷
অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে তৎপৰতাৰে জুই নিৰ্বাপন কৰাত ৰক্ষা পৰে আন কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান৷
নগাঁৱৰ মধুপুৰ কদমতলত নিশা অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ’ল এখন পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান৷ বৈদ্যুতিক বিজুতিৰ ফলতে মাজনিশা মধুপুৰ কদমতলৰ ফাইহিম ষ্টোৰ নামৰ পাইকাৰী দোকানখনত জুই লগাৰ সন্দেহ কৰা হৈছে৷ ফলত প্ৰায় ২৭ লাখ টকাৰ সামগ্ৰী জুইত জাহ যায় বুলি মন্তব্য কৰিছে স্বত্বাধিকাৰী ইমদাদ উদ্দিন আহমেদে৷
পিছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে তৎপৰতাৰে জুই নিৰ্বাপন কৰাত ৰক্ষা পৰে আন কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|