দক্ষিণ কামৰূপৰ সোণতলীত বিধ্বংসী অগ্নিকাণ্ড, প্ৰায় ৩০ লাখ টকাৰ ক্ষতিসাধন

News18 Assam | News18-Assam
Updated:April 11, 2020, 11:30 AM IST
দক্ষিণ কামৰূপৰ সোণতলীত বিধ্বংসী অগ্নিকাণ্ড, প্ৰায় ৩০ লাখ টকাৰ ক্ষতিসাধন
শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷

শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷

  • Share this:
দক্ষিণ কামৰূপৰ সোণতলীত নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা৷ সোণতলীৰ পানীখাইতী বজাৰত নিশা প্ৰায় ডেৰ বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা৷ অগ্নিকাণ্ডত তিনিখনকৈ দোকান সম্পুৰ্ণৰূপে ভস্মীভূত হয়৷ ইয়াৰে এখন গেলামালৰ দোকান আৰু দুখন কাপোৰৰ দোকান।

এই অগ্নিকাণ্ডত দোকান তিনিখনৰ প্ৰায় ৩০ লাখ টকাৰ সা–সামগ্ৰী ভস্মীভূত হয়। স্থানীয় ৰাইজে বহু চেষ্টাৰ অন্তত নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুই। ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনী বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷ নাছেৰ আলী আৰু লালমিয়াৰ কাপোৰৰ দোকান আৰু ওমৰ আলীৰ গেলামাল দোকান ভস্মীভূত হয় এই অগ্নিকাণ্ডত।
Published by: Sanjay Kumar Das
First published: April 11, 2020, 11:29 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি