বিশ্বকৰ্মা পূজাৰ চাকিৰ পৰা অগ্নিকাণ্ড, জুইত জাহ গ’ল গাড়ী–ঘৰ সকলো

News18 Assam | News18-Assam
Updated:September 17, 2020, 4:39 PM IST
বিশ্বকৰ্মা পূজাৰ চাকিৰ পৰা অগ্নিকাণ্ড, জুইত জাহ গ’ল গাড়ী–ঘৰ সকলো
অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪০ লক্ষাধিক টকা সা–সম্পত্তি জুইত জাহ যায়।

অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪০ লক্ষাধিক টকা সা–সম্পত্তি জুইত জাহ যায়।

  • News18 Assam
  • Last Updated: September 17, 2020, 4:39 PM IST
  • Share this:
বিশ্বকৰ্মা পূজাৰ দিনাই সৰুপথাৰ অঘটন। সৰুপথাৰৰ টেঙানিৰ খকণ গুৰি গাঁৱৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিশ্বকৰ্মা পূজাত জ্বলোৱা চাকিৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হৈছে। তৰুণ বৰা নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি ভষ্মীভূত হোৱাৰ লগতে জ্বলি ছাই হয় এখন টাটা ছুম’ বাহন।

আজি দিনৰ প্ৰায় ২ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪০ লক্ষাধিক টকা সা–সম্পত্তি জুইত জাহ যায়। তাৎপর্যপূর্ণ কথা এই যে টেঙানি খকণ গুৰি গাঁৱলৈ যোৱা একমাত্ৰ গড়কাপ্টানী পথত পুখুৰী সদৃশ গাঁতৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হ’বলৈ সক্ষম নহল। ফলত সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয় বাসগৃহটোৰ লগতে বাহনখন।
Published by: Sanjay Kumar Das
First published: September 17, 2020, 4:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading