তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অধিক ভয়ংকৰ ৰূপ লয় জুয়ে।
তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অধিক ভয়ংকৰ ৰূপ লয় জুয়ে।
পাঠশালাৰ ষ্টেচন ৰোডত নিশা ভয়ংকৰ অগ্নিকাণ্ড। নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত চাৰিখন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অধিক ভয়ংকৰ ৰূপ লয় জুয়ে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ীৰ সহায়ত নিৰ্বাপন কৰা হয় জুই। এই অগ্নিকাণ্ডত ৩০ লক্ষাধিক টকাৰ ক্ষতিসাধন হয়। অগ্নিকাণ্ডৰ সঠিক কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|