মুখ্যপৃষ্ঠা » খবৰ

» অসম

»পাণ্ডুত ভয়ংকৰ অগ্নিকাণ্ড, এখন এখনকৈ ১২খন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত

পাণ্ডুত ভয়ংকৰ অগ্নিকাণ্ড, এখন এখনকৈ ১২খন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত

News18 Assam | News18-Assam
Updated:November 1, 2020, 12:25 PM IST
পাণ্ডুত ভয়ংকৰ অগ্নিকাণ্ড, এখন এখনকৈ ১২খন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত
নিশাৰ সময়ত জুইৰ সূত্ৰপাত হোৱা হেতুকে কোনো প্ৰতিষ্ঠানৰ এপদো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল গৰাকীয়ে৷

নিশাৰ সময়ত জুইৰ সূত্ৰপাত হোৱা হেতুকে কোনো প্ৰতিষ্ঠানৰ এপদো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল গৰাকীয়ে৷

  • Share this:
নিশা মহানগৰীৰ পাণ্ডু বজাৰত ভয়ংকৰ অগ্নিকাণ্ড৷ নিশা প্ৰায় ১২ মান বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড৷ বজাৰখনৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰথমে সূত্ৰপাত হয় জুইৰ৷ তাৰ পিছতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে এখনৰ পিছত এখনকৈ ১২খন ব্যৱসায়িক প্ৰতিষ্ঠান৷ ইয়াৰ ভিতৰত কেইবাখনো পাইকাৰী গেলামালৰ দোকান, কাপোৰকে ধৰি সোণ–ৰূপৰ গহণাৰ দোকানো আছিল৷

নিশাৰ সময়ত জুইৰ সূত্ৰপাত হোৱা হেতুকে কোনো প্ৰতিষ্ঠানৰ এপদো সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল গৰাকীয়ে৷ বহু সময়ৰ পিছত কোনো লোকে প্ৰত্যক্ষ কৰে জুই৷ তাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় যদিও বজাৰৰ ভিতৰত হোৱা হেতুকে সমস্যাৰ সৃষ্টি হয়৷ যাৰ বাবে কিছু বিলম্ব হোৱাত জুয়ে ক্ৰমাৎ ভয়ংকৰ ৰূপ লয়৷

এনে পৰিস্থিতিৰ মাজতে নিশা প্ৰায় ৩ মান বজাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে৷ সৌভাগ্যক্ৰমে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও জুই নুমুৱাবলৈ চেষ্টা চলোৱাত দুগৰাকী লোক কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়৷
Published by: Sanjay Kumar Das
First published: November 1, 2020, 12:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি