নুমলীগড়ত নিশা বিধ্বংসী অগ্নিকাণ্ড, জুইত সম্পূৰ্ণৰূপে জাহ গ’ল এখন ব্যৱসায়িক প্ৰতিষ্ঠান

News18 Assam | News18-Assam
Updated:May 4, 2021, 11:57 AM IST
নুমলীগড়ত নিশা বিধ্বংসী অগ্নিকাণ্ড, জুইত সম্পূৰ্ণৰূপে জাহ গ’ল এখন ব্যৱসায়িক প্ৰতিষ্ঠান
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট ফলতে এই অগ্নিকাণ্ড সংঘটিত হয়।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট ফলতে এই অগ্নিকাণ্ড সংঘটিত হয়।

  • Share this:
নুমলীগড়ত নিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। নুমলীগড় তিনিআলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ প্ৰতিলিপি প্ৰিণ্টাৰ্ছ নামৰ এখন ছপাশাল সম্পূৰ্ণৰূপে জাহ গ’ল জুইত। ছপাশালৰ স্বত্বাধিকাৰীৰ বাস গৃহটোৰো বিস্তৰ ক্ষয় ক্ষতি অগ্নিকাণ্ডত। প্ৰায় দহ লক্ষাধিক টকাৰ সা–সম্পত্তি বিনষ্ট হয় অগ্নিকাণ্ডৰ ফলত। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট ফলতে এই অগ্নিকাণ্ড সংঘটিত হয়।

ইফালে বাৰম্বাৰ খবৰ দিয়াৰ পিছতো বোকাখাত অগ্নিনিৰ্বাপন বাহিনীৰ গাড়ী উপস্থিত নোহোৱাত স্থানীয় ৰাইজে মিলি জুই নিৰ্বাপন কৰাত ব্যস্ত হৈ পৰে। বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি অগ্নি নিৰ্বাপন কৰে যদিও প্ৰতিষ্ঠানখন সম্পূৰ্ণৰূপে নিঃশেষ হৈ যায়।
Published by: Sanjay Kumar Das
First published: May 4, 2021, 11:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি