নগাঁৱৰ ৰাঙলুস্থিত কাৰ্বি মিশ্যন স্কুলত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল প্ৰাৰ্থনা গৃহ, মূল্যবান সা–সম্পত্তি

পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।
পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।
- News18 Assam
- Last Updated: January 12, 2021, 8:49 AM IST
অগ্নিনিৰ্বাপক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত সময়মতে উপস্থিত নোহোৱাৰ বাবেই স্থানীয় ৰাইজ আৰু বিদ্যালয় কৰ্তৃপক্ষই নিজে পানী মাৰি জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও জুইত জাহ যায় বহু মূল্যবান সামগ্ৰী।
অৱশ্যে বহু পলমকৈ নগাঁও আৰু কামপুৰৰ কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়হি। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ পোৱাৰ বাবে একাংশ
পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়। ইপিনে অগ্নিকাণ্ডৰ ফলত কথমপি ৰক্ষা পৰিল বিদ্যালয়ৰ কাষতে থকা হোষ্টেলখন। উল্লেখযোগ্য যে হোষ্টেলখনত বিদ্যালয়খনৰ শতাধিক শিক্ষাৰ্থী আছিল। দৈৱক্ৰমে হোষ্টেলত থকা শিক্ষাৰ্থীসকল ৰক্ষা পৰে। বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, প্ৰথম অৱস্থাত শ্বৰ্ট স্বাৰ্কিট হৈ বাল্ব এটা ফুটি যায় আৰু তাৰ পিছতেই জুই বিয়পি পৰে সমগ্ৰ বিদ্যালয়খনত।
আনহাতে, অগ্নিকাণ্ড সন্দৰ্ভত স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে অগ্নিনিৰ্বাপক বাহিনী সময়মতে আহি উপস্থিত নোহোৱাৰ বাবেই অগ্নিকাণ্ডৰ ক্ষয়–ক্ষতি অধিক হ’বলৈ পালে আৰু বিদ্যালয়ৰখনৰ যথেষ্ট মূল্যবান সামগ্ৰী জুইত জাহ গ’ল। আনকি সময়মতে অগ্নিনিৰ্বাপক বাহিনী নোপোৱাৰ বাবেই জুইত ভস্মীভূত হ'ল বিদ্যালয়খনৰ প্ৰাৰ্থনা গৃহৰ লগতে ৰান্ধনী গৃহ। ইপিনে বিদ্যালয়খনত সংঘটিত ভয়ানক অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।