আপোনাৰ ঘৰত ইনভাৰ্টাৰ আছে নেকি? তেন্তে পঢ়ক এই প্ৰতিবেদন

News18 Assam | News18-Assam
Updated:February 26, 2020, 1:04 PM IST
আপোনাৰ ঘৰত ইনভাৰ্টাৰ আছে নেকি? তেন্তে পঢ়ক এই প্ৰতিবেদন
এই অগ্নিকাণ্ডত মুহূৰ্তৰ ভিতৰতে কেইবাটাও পৰিয়ালৰ বাসগৃহ জুইত জাহ গ'ল।

এই অগ্নিকাণ্ডত মুহূৰ্তৰ ভিতৰতে কেইবাটাও পৰিয়ালৰ বাসগৃহ জুইত জাহ গ'ল।

  • Share this:
আপোনাৰ ঘৰত ইনভাৰ্টাৰ আছে নেকি? তেন্তে আপুনিও সাৱধান হওক। কাৰণ ইনভাৰ্টাৰৰ পৰা সাংঘাতিক বিপদত পৰিব পাৰে আপুনি। মঙলবাৰৰ দিনটোত ইনভাৰ্টাৰৰ বাবেই বহু পৰিয়ালৰ ঘৰ জাহ গ'ল জুইত। নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ হৰিজন কলনীৰ এঘৰত ইনভাৰ্টাৰ বিস্ফোৰণৰ ফলতে ভয়াবহ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

এই অগ্নিকাণ্ডত মুহূৰ্তৰ ভিতৰতে কেইবাটাও পৰিয়ালৰ বাসগৃহ জুইত জাহ গ'ল। জুইৰ লেলিহান শিখাই ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ৰোগীৰ মাজতো সৃষ্টি কৰে হাহাকাৰৰ। অৱশেষত চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ৪টা পৰিয়ালে অগ্নিকাণ্ডত সৰ্বস্ব হেৰুৱাব লগা হয়।

অগ্নিকাণ্ডৰ ফলত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কেইবাটাও গৃহ ক্ষতিগ্ৰস্ত হয়। এই অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলটোতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি