হোজাইত ভয়ংকৰ জুই, ৩০ লাখ টকাৰ সম্পত্তি জাহ গ’ল জুইত

দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰে জুয়ে।

News18-Assam
Updated:August 13, 2019, 7:23 AM IST
হোজাইত ভয়ংকৰ জুই, ৩০ লাখ টকাৰ সম্পত্তি জাহ গ’ল জুইত
দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰে জুয়ে।
News18-Assam
Updated: August 13, 2019, 7:23 AM IST
হোজাইৰ মুছলিমপট্টীত নিশা বিধ্বংসী অগ্নিকাণ্ড। আলী আহমেদ আৰু আনিছুদ জামান নামৰ লোক দুজনৰ ঘৰত সূত্ৰপাত হয় জুইৰ। মুঠ ৭টা কোঠালি জাহ গ’ল এই অগ্নিকাণ্ডত। দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰে জুয়ে। অগ্নিনিৰ্বাপক বাহিনীৰ ৭খন গাড়ীৰ সহায়ত বহু সময়ৰ মূৰত নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুই। এই অগ্নিকাণ্ডত ভস্মীভূত হয় প্ৰায় ৩০ লাখ টকাৰ সা–সামগ্ৰী।
আৰু চাওক পৰৱৰ্তী বাতৰি