মৰিয়নীত বিধ্বংসী অগ্নিকাণ্ড, ৭ লক্ষাধিক টকাৰ ক্ষতিসাধন

News18 Assam | News18-Assam
Updated:May 14, 2020, 4:56 PM IST
মৰিয়নীত বিধ্বংসী অগ্নিকাণ্ড, ৭ লক্ষাধিক টকাৰ ক্ষতিসাধন
অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় গেলামালৰ দোকানখন।

অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় গেলামালৰ দোকানখন।

  • Share this:
মৰিয়নীত পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড। নকচাৰী বালিজানৰ ডুংগৰমল পাৰিক নামৰ এজন ব্যৱসায়ীৰ এখন গেলামালৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হয়। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় গেলামালৰ দোকানখন। এই অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সাত লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়। জুইত দোকানখন সম্পূৰ্ণ ভস্মীভূত হোৱাৰ পিছতহে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল।
First published: May 14, 2020, 4:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি