কোকৰাঝাৰৰ মক্ৰাপাৰাত বিধ্বংসী অগ্নিকাণ্ড, দহ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

News18 Assam | News18-Assam
Updated:October 20, 2020, 5:49 PM IST
কোকৰাঝাৰৰ মক্ৰাপাৰাত বিধ্বংসী অগ্নিকাণ্ড, দহ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত
অগ্নিকাণ্ডৰ সময়ত পৰিয়ালকেইটাৰ কোনো লোক ঘৰত নাছিল৷ বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।

অগ্নিকাণ্ডৰ সময়ত পৰিয়ালকেইটাৰ কোনো লোক ঘৰত নাছিল৷ বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।

  • Share this:
আজি পুৱা প্ৰায় দহ মান বজাত কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত মক্ৰাপাৰাত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। একেটা পৰিয়ালৰে তিনি ভাতৃৰ ঘৰ-বাৰী জুইত জাহ যোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডত।

অগ্নিকাণ্ডৰ সময়ত পৰিয়ালকেইটাৰ কোনো লোক ঘৰত নাছিল৷ বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত মিনাৰুল শ্বেখ, ৰছিদুল শ্বেখ আৰু ছাহিদুল শ্বেখ নামৰ ওচৰা-ওচৰিকৈ থকা তিনি ভাতৃৰ বাসগৃহ ভস্মীভূত হয়। পৰিয়ালকেইটাৰ সা–সম্পত্তি আৰু আ-অলংকাৰসহ প্ৰায় ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়৷ উল্লেখযোগ্য যে গাঁওবাসীয়ে প্ৰায় ডেৰঘণ্টা যুঁজি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। জুই নিৰ্বাপনৰ পিছতহে উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী।
Published by: Sanjay Kumar Das
First published: October 20, 2020, 5:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading