সোমবাৰে জীয়ৰীৰ বিয়া, ভয়ংকৰ জুয়ে চাৰখাৰ কৰিলে ঘৰৰ সকলো সামগ্ৰী

News18 Assam | News18-Assam
Updated:February 6, 2020, 10:51 AM IST
সোমবাৰে জীয়ৰীৰ বিয়া, ভয়ংকৰ জুয়ে চাৰখাৰ কৰিলে ঘৰৰ সকলো সামগ্ৰী
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত ভস্মীভূত হয় কেইবালাখ টকাৰ সা–সম্পত্তি।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত ভস্মীভূত হয় কেইবালাখ টকাৰ সা–সম্পত্তি।

  • Share this:
কোকৰাঝাৰৰ কমলাছৰা গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। গুলজাৰ হুছেইন নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত ভস্মীভূত হয় কেইবালাখ টকাৰ সা–সম্পত্তি।

সোমবাৰে হ’বলগীয়া আছিল গুলজাৰ হুছেইনৰ কন্যাৰ বিয়া। বিয়াৰ বাবে প্ৰস্তুতি চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হোৱাত মূৰে–কপালে হাত দিছে পৰিয়ালটোৱে। মাত্ৰ ৩০০–৪০০ মিটাৰ দূৰৈত থকা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পথটোৰে সোমাব নোৱাৰাত জুয়ো ভয়ংকৰ ৰূপ লয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি