অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে প্ৰায় আঢ়ৈ লাখ টকাৰ সা-সম্পত্তি জাহ যায়।
অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে প্ৰায় আঢ়ৈ লাখ টকাৰ সা-সম্পত্তি জাহ যায়।
কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰ গাঁৱত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। আলা উদ্দিন নামৰ এজন লোকৰ ঘৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে প্ৰায় আঢ়ৈ লাখ টকাৰ সা-সম্পত্তি জাহ যায়। এই অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে আন কেইবাটাও ঘৰ।
ঘৰৰ ভিতৰত থকা আচবাব, নথি-পত্ৰ, সোণৰ অলংকাৰ, নগদ ধনসহ সকলো জুইত জাহ যায়। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজৰ তৎপৰতাৰ বাবে জুই নিৰ্বাপিত হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|