মাজনিশা যোৰহাট নগৰত বিধ্বংসী অগ্নিকাণ্ড, দুজন নিহত, প্ৰাণৰক্ষাৰ বাবে বিল্ডিঙৰ পৰা জঁপিয়ালে কেইবাজনেও

News18 Assam | News18-Assam
Updated:August 10, 2020, 8:47 AM IST
মাজনিশা যোৰহাট নগৰত বিধ্বংসী অগ্নিকাণ্ড, দুজন নিহত, প্ৰাণৰক্ষাৰ বাবে বিল্ডিঙৰ পৰা জঁপিয়ালে কেইবাজনেও
জুইৰ পৰা ৰক্ষা পাবলৈ একাংশ লোকে ঘৰৰ খিড়িকীৰ পৰা জাপ দিয়ে কাষেৰে বৈ যোৱা যোৰহাট নগৰৰ আৱৰ্জনা কঢ়িয়াই নিয়া টোকলাই জানলৈ।

জুইৰ পৰা ৰক্ষা পাবলৈ একাংশ লোকে ঘৰৰ খিড়িকীৰ পৰা জাপ দিয়ে কাষেৰে বৈ যোৱা যোৰহাট নগৰৰ আৱৰ্জনা কঢ়িয়াই নিয়া টোকলাই জানলৈ।

  • Share this:
দেওবাৰে নিশা যোৰহাট নগৰৰ মাজমজিয়াৰ মাৰোৱাৰী ঠাকুৰবাৰী অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। মুহূৰ্তৰ ভিতৰতে বিধ্বংসী ৰূপ লোৱা এই অগ্নিকাণ্ডৰ ঘটনাত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানসহ আৱাসগৃহ জুইত জাহ যোৱাৰ লগতে দুজন লোক নিহত হয় আৰু তিনিজন লোক গুৰুতৰভাৱে আহত হয়।

দেওবাৰে নিশা হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে সিংঘী মটৰছ নামৰ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানখনত। লগে লগেই জুই সম্প্ৰসাৰিত হৈ আগুৰি ধৰে সমগ্ৰ বিল্ডিংটো। বিস্ফোৰণ ঘটে কেইবাটাও এল পি জি চিলিণ্ডাৰ। মুহূৰ্ততে বিধ্বংসী ৰূপ ধাৰণ কৰা জুই বিয়পি পৰে এই ভৱনটোৰ গাতে লাগি থকা অন্য কেইবাটাও ভৱনলৈ।

জুইৰ পৰা ৰক্ষা পাবলৈ একাংশ লোকে ঘৰৰ খিড়িকীৰ পৰা জাপ দিয়ে কাষেৰে বৈ যোৱা যোৰহাট নগৰৰ আৱৰ্জনা কঢ়িয়াই নিয়া টোকলাই জানলৈ। এনেদৰে ঘৰৰ পৰা জপিওৱা দুগৰাকী বয়সস্থ লোক ক্ৰমে সত্যনাৰায়ণ আগৰৱাল আৰু গোমতি দেৱী গুৰুতৰভাৱে আহত হয় আৰু পিছত চিকিৎসালয়ত মৃত্যু হয়। আন তিনিজন গুৰুতৰভাৱে আহত লোকক JMCHত চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে। আহত লোককেইজন হ’ল মহেন্দ্ৰ আগৰৱাল, কৃষ্ণাগোপাল আগৰৱাল আৰু ঊষা সিংঘী।

কেইবাঘণ্টা জুৰি অনিয়ন্ত্ৰিত হৈ থকা জুই নিৰ্বাপন কৰিবলৈ অসম ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনী, অ’এনজিচি, বায়ু সেনা বাহিনী, এন আৰ এল তথা সমীপৰ জিলাসমূহৰ পৰা অহা ১৩খন অগ্নিনিৰ্বাপক গাড়ীয়ে চেষ্টা অব্যাহত ৰাখে। অৱশেষত পুৱা জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাত যোৰহাট নগৰৰ এটা বৃহৎ ঘন বসতিপূৰ্ণ অঞ্চল এক ভয়ংকৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পৰে।

যোৰহাট নগৰৰ এই অতি ঘনবসতিপূৰ্ণ অঞ্চলটোত আছে বহু বৃহৎ বৃহৎ গুদাম। এই গুদামসমূহ নগৰৰ উপকণ্ঠৰ ট্ৰাক টাৰ্মিনাছলৈ স্থানান্তৰিত কৰিবলৈ বাৰম্বাৰ কৈ অহা হৈছে যদিও আজি পৰ্যন্ত কোনেও বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই।
Published by: Sanjay Kumar Das
First published: August 10, 2020, 8:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি