দোকানখনৰ ভিতৰৰ পৰা ধোঁৱা ওলাই থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক৷
দোকানখনৰ ভিতৰৰ পৰা ধোঁৱা ওলাই থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক৷
বৰপেটাৰ হাউলী চহৰৰ মাজমজিয়াত নিশা অগ্নিকাণ্ডৰ ঘটনা৷ ভয়ানক অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল হাউলী চহৰ৷ চহৰখনৰ বি টি চি ৰোডৰ হৰগৌৰী জুয়েলাৰ্ছত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা৷
দোকানখনৰ ভিতৰৰ পৰা ধোঁৱা ওলাই থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক৷ লগে লগে হাউলী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷
অগ্নিকাণ্ডৰ ফলত জুৱেলাৰীখন ব্যাপক অংশ ভস্মীভূত হয় যদিও অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত ততালিকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাৰ ফলত ভয়াৱহ দুৰ্যোগৰ পৰা ৰক্ষা পৰে চহৰখন৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|