
অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে জুই নিৰ্বাপিত কৰাত কথমপি ৰক্ষা পৰে সমীপৰ বাসগৃহকেইটা।
অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে জুই নিৰ্বাপিত কৰাত কথমপি ৰক্ষা পৰে সমীপৰ বাসগৃহকেইটা।
হোজাইত আজি সন্ধিয়া ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।ৰে’লৱেৰ ভূমিত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰা কেইবাটাও বাসগৃহত লাগিল জুই। উক্ত অগ্নিকাণ্ডত কেইবাটাও গৃহ সম্পূৰ্ণৰূপে জাহ যায় জুইত। ইপিনে উক্ত অগ্নিকাণ্ডৰ সময়ত ঘৰত কোনো নথকাৰ লগতে বিজুলী বাতি নথকা গৃহবোৰত কেনেদৰে জুইৰ সূত্ৰপাত ঘটিল তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ। ইপিনে জুয়ে অশোক গেষ্ট হাউছ আৱৰি ধৰাত বিস্তৰ ক্ষতিসাধন হয়। পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে জুই নিৰ্বাপিত কৰাত কথমপি ৰক্ষা পৰে সমীপৰ বাসগৃহকেইটা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|