মুখ্যপৃষ্ঠা » খবৰ

» অসম

»হোজাইত ভয়ংকৰ অগ্নিকাণ্ড, ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন

হোজাইত ভয়ংকৰ অগ্নিকাণ্ড, ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন

News18 Assam | News18-Assam
Updated:August 8, 2021, 12:58 PM IST
হোজাইত ভয়ংকৰ অগ্নিকাণ্ড, ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন
ৰাইজৰ সহযোগত আৰক্ষী, চি আৰ পি এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত কৰা হয় জুই।

ৰাইজৰ সহযোগত আৰক্ষী, চি আৰ পি এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত কৰা হয় জুই।

  • Share this:
হোজাইত যোৱানিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। পুৰণি বজাৰৰ চাৰাওগী টেক্সটাইল কাপোৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। জানিব পৰা মতে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ তৃতীয় মহলাৰ কৰ্মচাৰী থকা বন্ধ কক্ষত সূত্ৰপাত ঘটে জুইৰ। উক্ত অগ্নিকাণ্ডত নিমিষতে জ্বলি ছাই হয় তৃতীয় মহলাত থকা কোঠালিটো। পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত আৰক্ষী, চি আৰ পি এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত কৰা হয় জুই।

উল্লেখযোগ্য যে শ্বট চাৰ্কিটৰ ফলত সূত্ৰপাত হোৱা অগ্নিকাণ্ডত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কিমান টকাৰ ক্ষয়ক্ষতি হৈছে সেয়া এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই যদিও কেইবা লক্ষাধিক টকাৰ আচবাব পত্ৰ আৰু দোকানৰ কাপোৰ জ্বলাৰ সন্দেহ কৰা হৈছে। উক্ত অগ্নিকাণ্ড নিৰ্বাপনত অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচখন গাড়ীয়ে অহৰহ চেষ্টা চলাই জুই নিয়ন্ত্ৰণ কৰাত ব্যৱসায়িক প্ৰতিষ্ঠানখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পৰা ৰক্ষা পৰে।
Published by: Sanjay Kumar Das
First published: August 8, 2021, 12:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি