হাজোত বিধ্বংসী অগ্নিকাণ্ড, মুহূৰ্তৰ ভিতৰতে ছাৰখাৰ হ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

News18 Assam | News18-Assam
Updated:September 10, 2020, 10:31 AM IST
হাজোত বিধ্বংসী অগ্নিকাণ্ড, মুহূৰ্তৰ ভিতৰতে ছাৰখাৰ হ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান
প্ৰথমে এখন হোটেলৰ পৰা এই জুইৰ সূত্ৰপাত হয় আৰু তাৰ পিছত কেইবাখনো দোকানলৈ সম্প্ৰসাৰিত হয় জুইৰ লেলিহান শিখা।

প্ৰথমে এখন হোটেলৰ পৰা এই জুইৰ সূত্ৰপাত হয় আৰু তাৰ পিছত কেইবাখনো দোকানলৈ সম্প্ৰসাৰিত হয় জুইৰ লেলিহান শিখা।

  • News18 Assam
  • Last Updated: September 10, 2020, 10:31 AM IST
  • Share this:
হাজোৰ দমদমাত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। মুহূৰ্ততে জ্বলি শেষ হৈ গ'ল হাজোৰ অন্যতম ব্যৱসায়িক এলেকা দমদমা চ'কৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে এখন মটৰ চাইকেল।

প্ৰথমে এখন হোটেলৰ পৰা এই জুইৰ সূত্ৰপাত হয় আৰু তাৰ পিছত কেইবাখনো দোকানলৈ সম্প্ৰসাৰিত হয় জুইৰ লেলিহান শিখা। এই অগ্নিকাণ্ডত ৫টাতকৈও অধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণত কঁপি উঠিল সমগ্ৰ অঞ্চলটো।

দমদমা চ'কৰ কেইবাটাও অট্টালিকালৈও এই জুই সম্প্ৰসাৰণ হয়। ঘটনাস্থলীত বিভিন্ন ঠাইৰ পৰা উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ দহখনৰো অধিক বাহনে কেইবাঘণ্টাৰ অন্তত নিৰ্বাপন কৰিলে জুই।

এই ঘটনাৰ পাছতেই ঘটনাস্থলীত পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত বিধায়িকা সুমন হৰিপ্ৰিয়া। লগতে ক্ষতিগ্ৰস্থ ব্যৱসায়ীসকলক সহায়ৰ আশ্বাস দিয়ে বিধায়িকাগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: September 10, 2020, 10:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading