ইষ্ট্ৰিৰ ছুইচ অন কৰি ওলাই গৈছিল গৃহস্থ, উভতি আহি দেখে চাৰখাৰ সকলো, হাজোত এই ঘটনা

শুৱালকুছিৰ পৰা অহা দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সহায়ত জুই নিৰ্বাপন কৰা হয় যদিও তেতিয়ালৈ শেষ হৈ গৈছিল সকলো সা–সম্পত্তি।

News18-Assam
Updated:November 3, 2019, 3:02 PM IST
ইষ্ট্ৰিৰ ছুইচ অন কৰি ওলাই গৈছিল গৃহস্থ, উভতি আহি দেখে চাৰখাৰ সকলো, হাজোত এই ঘটনা
শুৱালকুছিৰ পৰা অহা দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সহায়ত জুই নিৰ্বাপন কৰা হয় যদিও তেতিয়ালৈ শেষ হৈ গৈছিল সকলো সা–সম্পত্তি।
News18-Assam
Updated: November 3, 2019, 3:02 PM IST
হাজোৰ দামপুৰৰ সানপাৰাত ভয়ংকৰ অগ্নিকাণ্ড। ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ পৰা নিৰ্গত গেছৰ পৰা ভয়ংকৰ জুই সূত্ৰপাত। সম্পূৰ্ণৰূপে জাহ গ’ল মকছেদ আলী নামৰ লোকজনৰ ঘৰৰ সকলো আচবাব। ফ্ৰীজ, টিভিকে ধৰি সকলো সা–সম্পত্তি ভস্মীভূত হয় এই অগ্নিকাণ্ডত। অগ্নিকাণ্ডৰ সময়ত ঘৰত নাছিল কোনো লোক। ভুলবশত ইস্ত্রিৰ ছুইচ অন কৰি ওলাই গৈছিল ঘৰৰ সকলো লোক। ইস্ত্রিৰ পৰা কাপোৰত জুই লাগে। তাৰ পিছতে ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ পৰা নিৰ্গত গেছে মুহূৰ্ততে ছাৰসাৰ কৰি পেলালে সকলো। শুৱালকুছিৰ পৰা অহা দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সহায়ত জুই নিৰ্বাপন কৰা হয় যদিও তেতিয়ালৈ শেষ হৈ গৈছিল সকলো সা–সম্পত্তি।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি