হাইলাকান্দিৰ বিষ্ণুগড়ত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল এটা পৰিয়ালৰ বাসগৃহ

News18 Assam | News18-Assam
Updated:November 12, 2020, 12:40 PM IST
হাইলাকান্দিৰ বিষ্ণুগড়ত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল এটা পৰিয়ালৰ বাসগৃহ
নিশা ১১ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় মজিবুৰ ৰহমান বৰভূঞা নামৰ এজন লোকৰ বাসগৃহ।

নিশা ১১ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় মজিবুৰ ৰহমান বৰভূঞা নামৰ এজন লোকৰ বাসগৃহ।

  • News18 Assam
  • Last Updated: November 12, 2020, 12:40 PM IST
  • Share this:

নিশা হাইলাকান্দি জিলাৰ নিতাইনগৰ এলেকাৰ বিষ্ণুগড় অঞ্চলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। নিশা ১১ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় মজিবুৰ ৰহমান বৰভূঞা নামৰ এজন লোকৰ বাসগৃহ। অগ্নিনিবাৰ্পন বাহিনীক খবৰ দিয়া হয় যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই জ্বলি ছাৰখাৰ হয় ঘৰৰ বহু গুৰুত্বপুৰ্ণ নথি–পত্ৰ আৰু প্ৰায় ২ লাখ টকাৰ সোণৰ আলংকাৰ। শক্তি বিভাগৰ হেমাহিৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ।ইপিনে, অগ্নিকাণ্ডৰ খবৰ পাই আজি পুৱা ঘটনাস্থলীত উপস্থিত হয় স্থানীয় বিধায়ক আনোৱাৰ হুছেইন লস্কৰ। বিধায়কগৰাকীয়ে পৰিস্থিতি পর্যালোচনা কৰি ৰাজ্য চৰকাৰৰ পৰা উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ আশ্বাস দি সর্বহাৰা পৰিয়ালটোক ব্যক্তিগতভাৱে ১০ হাজাৰ টকা আৰ্থিক সাহায্য প্ৰদান কৰে।

Published by: Sanjay Kumar Das
First published: November 12, 2020, 12:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি