জালুকবাৰীত ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে জাহ গল প্ৰায় ৭০টা বাসগৃহ

ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপত হয় ৱুলি জানিৱ পৰা গৈছে।
ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপত হয় ৱুলি জানিৱ পৰা গৈছে।
- News18 Assam
- Last Updated: December 19, 2020, 5:36 PM IST
অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত হুৱাদুৱা লাগে। জুই নিৰ্বাপন কৰিবলৈ ঘটিনাস্থলীলৈ পাণ্ডু, পানবাজাৰ, চান্দমাৰি, লখৰা, মিৰ্জা, উত্তৰ গুৱাহাটীৰ পৰা প্ৰায় ১৪ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন অনা হয়।
স্থানীয় ৰাইজৰ লগতে জালুকবাৰী আৰক্ষী আৰু অগ্নি নিৰ্বাপকবাহিনীৰ তৎপৰতাত জুই কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহে যদিও অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হৈছে বুলি জানিব পৰা গৈছে।