মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গোলাঘাট চাউল বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, ৬খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত

গোলাঘাট চাউল বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, ৬খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত

News18 Assam | News18-Assam
Updated:September 12, 2021, 10:31 AM IST
গোলাঘাট চাউল বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, ৬খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত
ভস্মীভূত দোকানসমূহৰ ভিতৰত কেইবাখনো পাইকাৰী গেলামালৰ দোকান আছে বুলি জানিব পৰা গৈছে।

ভস্মীভূত দোকানসমূহৰ ভিতৰত কেইবাখনো পাইকাৰী গেলামালৰ দোকান আছে বুলি জানিব পৰা গৈছে।

  • News18 Assam
  • Last Updated: September 12, 2021, 10:31 AM IST
  • Share this:
গোলাঘাট সদৰস্থিত চাউল বজাৰত নিশা এক ভয়ংকৰ অগ্নিকাণ্ড ৰ ঘটনা সংঘটিত হয়। নিশা প্ৰায় ৯ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত কেইবাখনো গেলামালৰ দোকানৰ লগতে কাপোৰ আৰু অনান্য সামগ্ৰীৰ দোকান ভস্মীভূত হয়। এক অসমৰ্থিত সূত্ৰই জনোবা মতে বজাৰখনত থকা এটা গেলামালৰ পাইকাৰী সামগ্ৰীৰ গুদামৰ পৰা জুইৰ সূত্ৰপাত ঘটে আৰু ইয়াৰ লেলিহান শিখাই নিমিখতে ছানি ধৰে আন কেইবাখনো গেলামালৰ দোকানৰ লগতে এটা কাপোৰৰ গুদাম আৰু এটা তামোল–পাণৰ গুদাম।

ভস্মীভূত দোকানসমূহৰ ভিতৰত কেইবাখনো পাইকাৰী গেলামালৰ দোকান আছে বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত জগত ডেকাৰ এখন,ভগৱতী প্ৰসাদৰ তিনিখন আৰু টিংকু চাহু নামৰ লোকজনৰ দুখন দোকান জুইত জাহ যায়। ইফালে, প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ তৎপৰাতাৰ বাবেই আজিৰ এই ভয়ংকৰ অগ্নিকাণ্ড বিশেষ প্ৰসাৰিত হ’ব নোৱাৰিলে যদিও ৬ খনকৈ দোকানৰ প্ৰায় সমুদায় সামগ্ৰী জুইত জাহ যায়।

এই অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়–ক্ষতিৰ পৰিমাণ কেইবা লক্ষাধিক হ’ব বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। আনহাতে, অগ্নিকাণ্ডত জুইৰ তাপে চাউল বজাৰৰ আন কেইবাখনো দোকানৰ সামগ্ৰী নষ্ট কৰা বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে গোলাঘাট চাউল বজাৰখনৰ দোকান পোহাৰসমূহ বহু পুৰণি। যাৰ বাবে আজিৰ অগ্নিকাণ্ডই নিমিষতে ছয়খনকৈ দোকান ভস্মীভূত কৰিলে বুলি প্ৰত্যক্ষদৰ্শী ৰাইজে মন্তব্য কৰিছে।
Published by: Sanjay Kumar Das
First published: September 12, 2021, 10:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি