নিমিষতে শেষ হৈ গ’ল দিন হাজিৰা কৰি দীপালীয়ে গঢ়া সপোনৰ ঘৰখন

News18 Assam | News18-Assam
Updated:April 13, 2020, 9:16 AM IST
নিমিষতে শেষ হৈ গ’ল দিন হাজিৰা কৰি দীপালীয়ে গঢ়া সপোনৰ ঘৰখন
জ্বলি ছাই হোৱা ঘৰখন দেখি হিয়া ঢাকুৰি কান্দি ৰ’ল দুৰ্ভগীয়া দীপালী৷

জ্বলি ছাই হোৱা ঘৰখন দেখি হিয়া ঢাকুৰি কান্দি ৰ’ল দুৰ্ভগীয়া দীপালী৷

  • Share this:
হাজিৰা কৰি পোৱা কেইটামান টকাৰে এপদ এপদকৈ সামগ্ৰীৰে ঘৰখন গঢ়িছিল দীপালীয়ে। দুদিন খাই এদিন লঘোনে থাকিলেও সন্তান কেইটাক বুকুত বান্ধি সুখৰ সন্ধান কৰা দীপালীৰ বাবে দেওবাৰৰ দিনটো আছিল জীৱনৰ এটা ক’লা দিন৷ লকডাউন চলি থকাৰ বাবে সন্তানকেইটাৰ সৈতে ঘৰতে আছিল দীপালী৷ দিনটো ঘৰৰ ভিতৰতে থাকি আবেলি নঙলা মুখলৈ বুলি ওলাইছিল হে মাথোঁ।তেনেতে ঘটিল অঘটন।

দপদপকৈ হঠাৎ জ্বলি উঠিল দীপালীৰ বাসগৃহটো৷ চাৰিওফালে লাগিল হুৱাদুৱা।নিমিষতে ক’লা ধোঁৱাই আৱৰি ধৰিলে সমগ্ৰ অঞ্চল৷ কোনোবাই অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক খবৰ দিলে৷ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন অহালৈ জুয়ে গ্ৰাস কৰিলে সকলো।জ্বলি ছাই হৈ গ’ল বাসগৃহকেইটা।চকুৰ সমুখতে দপদপকৈ জ্বলি থকা ঘৰখন দেখিও এপদ সামগ্ৰীও বচাব নোৱাৰিলে৷

জ্বলি ছাই হোৱা ঘৰখন দেখি হিয়া ঢাকুৰি কান্দি ৰ’ল দুৰ্ভগীয়া দীপালী৷ দুধনৈ ক’লেজ ৰোডত আছিল দীপালী সিংহ নামৰ মহিলাগৰাকীৰ বাসগৃহটো৷ শ্বট-চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড হোৱাৰ সন্দেহ কৰা হৈছে৷ এতিয়া চাৰিটা সন্তানক বুকুত বান্ধি মুকুলি আকাশৰ তলত মহিলা গৰাকী৷
Published by: Sanjay Kumar Das
First published: April 13, 2020, 9:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি