দক্ষিণ কামৰূপৰ হাতীপাৰাত দুৰ্বৃত্তই জ্বলাই দিলে ছয়খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান, লুটি নিলে ১০ লক্ষাধিক টকাৰ সামগ্ৰী

- News18 Assam
- Last Updated: September 24, 2020, 1:04 PM IST
নিশা বৰষুণৰ সুযোগ লৈ দুৰ্বৃত্তৰ দলটোৱে চলাইছিল এই লুটপাত৷ পিছত গাঁওৰক্ষী বাহিনীয়ে গৰৈমাৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰাৰ লগতে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৰ হাতৰ পৰা পৰিয়ালটোক ৰক্ষা কৰে৷
দীৰ্ঘদিন ধৰি হাতীপাৰা চক বজাৰৰ এডোখৰ ভূমিক লৈ দুটা ফৈদৰ মাজত চলি আছিল বিবাদ আৰু সেই বিবাদৰ আঁত ধৰি হাতীপাৰাৰ ফাজিল হকৰ ফৈদৰ প্ৰায় ৫০জনীয়া দুৰ্বৃত্তৰ দল এটাই আব্দুৰ ৰহমানৰ পৰিয়ালৰ ভূমিত থকা ৬খনকৈ দোকানত লুটপাত চলোৱাৰ উপৰি অগ্নিসংযোগ কৰে৷ ইয়াৰোপৰি আব্দুৰ ৰহমানৰ পৰিয়ালৰ দুটাকৈ গৰু চুৰি নিয়া বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে৷