ছয়গাৱৰ চাম্পুপাৰা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবাখনো দোকান ভস্মীভূত

অগ্নিকাণ্ডত প্ৰায় ৪০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে৷
অগ্নিকাণ্ডত প্ৰায় ৪০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে৷
- News18 Assam
- Last Updated: August 19, 2020, 3:46 PM IST
ঘটনাস্থলীত জোৰশিমুলী আৰু গৰৈমাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ ঘটনা সম্পৰ্কে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰোৱাৰ পিছতো অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷ অগ্নিকাণ্ডত প্ৰায় ৪০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে৷ অগ্নিকাণ্ডত ময়নুল আলীৰ ইলেকট্ৰ’নিকছৰ সামগ্ৰীৰ দোকান, ছলেমন আলীৰ গেলামাল দোকান, আফজালুৰ ৰহমানৰ কাপোৰৰ দোকান আৰু আবু তাহেৰৰ গেলামান দোকান সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয়৷