দপদপকৈ জ্বলি উঠিল নৈৰ পানী, দুলীয়াজানত বুঢ়ীদিহিঙৰ বুকুত ভয়ংকৰ জুই

News18 Assam | News18-Assam
Updated:February 2, 2020, 8:21 AM IST
দপদপকৈ জ্বলি উঠিল নৈৰ পানী, দুলীয়াজানত বুঢ়ীদিহিঙৰ বুকুত ভয়ংকৰ জুই
শনিবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে টেঙাখাটৰ পাণধোৱা ঘাটত বুঢ়ীদিহিং নৈত অগ্নি সংযোগ কৰে।

শনিবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে টেঙাখাটৰ পাণধোৱা ঘাটত বুঢ়ীদিহিং নৈত অগ্নি সংযোগ কৰে।

  • Share this:
শনিবাৰে নিশা দুলীয়াজানৰ টেঙাখাটেদি বৈ যোৱা বুঢ়ীদিহিং নৈত ভয়ংকৰ অগ্নিকাণ্ড। উল্লেখযোগ্য যে বিগত তিনিদিন ধৰি দুলীয়াজানৰ ১৬নং তিনিআলিৰ সমীপৰ অইলৰ পাইপলাইনৰ পৰা নিৰ্গত হোৱা খাৰুৱা তেল চহৰখনৰ পানী নিষ্কাশণৰ মুখ্য নলাইদি বুঢ়ীদিহিং নদীত পৰি ভয়াৱহ প্ৰদূষণৰ সৃষ্টি হৈছিল।

শনিবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে টেঙাখাটৰ পাণধোৱা ঘাটত বুঢ়ীদিহিং নৈত অগ্নি সংযোগ কৰে। জুয়ে মুহূৰ্ততে আৱৰি ধৰে নদীখনৰ বহুখিনি অঞ্চল। যাৰ ফলত আতংকিত হৈ পৰে নৈ পৰীয়া লোকসকল।

ইফালে ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও দুষ্কৃতিকাৰীয়ে যাতে পুনৰ অগ্নিকাণ্ড সংঘটিত কৰিব নোৱাৰে তাৰ বাবে ঘটনাস্থলীত অইলৰ নিৰাপত্তা বিভাগৰ লগতে অইলৰ বহুসংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি