உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কাৰ্বি আংলঙত শোকাৱহ ঘটনা, ঘৰৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈ ককা–নাতিৰ মৃত্যু

    কাৰ্বি আংলঙত শোকাৱহ ঘটনা, ঘৰৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈ ককা–নাতিৰ মৃত্যু

    নিশা ঘৰত জ্বলাই থোৱা মমৰ শিখাৰ পৰা এই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰিছে ৰাইজে।

    নিশা ঘৰত জ্বলাই থোৱা মমৰ শিখাৰ পৰা এই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰিছে ৰাইজে।

    নিশা ঘৰত জ্বলাই থোৱা মমৰ শিখাৰ পৰা এই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰিছে ৰাইজে।

    • Share this:
    কাৰ্বি আংলং জিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত চাহ বাগিচাত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। উক্ত অগ্নিকাণ্ডত বিনামু পাণিকা নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়। অগ্নিকাণ্ডৰ সময়ত ঘৰত ভিতৰত থকা বিনামু পাণিকা আৰু পাঁচ বছৰীয়া নাতিয়েক দ্বীপ পাণিকা ঘৰৰ পৰা ওলাই আহিব নোৱাৰাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।

    নিশা ঘৰত জ্বলাই থোৱা মমৰ শিখাৰ পৰা এই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰিছে ৰাইজে।ইফালে অগ্নিকাণ্ডৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছতো সময়মতে উপস্থিত নোহোৱাৰ অভিযোগ তুলি ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। অৱশ্যে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: