বঙাইগাঁও জিলাৰ গোলাপাৰা পঞ্চায়ত বজাৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভুত হয়৷ অগ্নিকাণ্ডত SBIৰ CSP কেন্দ্ৰ এটাও জাহ যায়৷ স্থানীয় জমিৰ খান নামৰ লোক এজনৰ কম্পিউটাৰ দোকানৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকসকলে৷
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে৷ ৰাইজৰ তৎপৰতাত অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নুমাবলৈ সক্ষম হোৱাত বাকী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৰক্ষা পৰে। অগ্নিকাণ্ডত প্ৰায় বাৰ লক্ষাধিক টকাৰ সা–সম্পত্তিৰ ক্ষতিসাধন হয় বুলি অনুমান কৰা হৈছে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 06, 2020, 11:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।