মুখ্যপৃষ্ঠা »খবৰ »অসম »বাক্সাৰ আংগাৰধোৱাত বিধ্বংসী অগ্নিকাণ্ড, প্ৰায় ৭ লাখ টকাৰ সামগ্ৰী ভস্মীভূত

বাক্সাৰ আংগাৰধোৱাত বিধ্বংসী অগ্নিকাণ্ড, প্ৰায় ৭ লাখ টকাৰ সামগ্ৰী ভস্মীভূত

প্ৰায় সাত লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়৷ অৱশ্যে জুই কিদৰে লাগিল সেই বিষয়ে এতিয়াও জানিব পৰা নাই৷

প্ৰায় সাত লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়৷ অৱশ্যে জুই কিদৰে লাগিল সেই বিষয়ে এতিয়াও জানিব পৰা নাই৷

  • Share this:
বাক্সা জিলাৰ আংগাৰধোৱাত নিশা বিধ্বংসী অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত জাহ যায় এখন  গেলামালৰ দোকান৷ প্ৰায় সাত লাখ টকাৰ সা–সম্পত্তি ভস্মীভূত হয় অগ্নিকাণ্ডত। জানিব পৰা মতে, নিশা আংগাৰধোৱাৰ গেলামাল ব্যৱসায়ী কৰুণা বৈশ্যই দোকান বন্ধ কৰি নিশা শুই থকা অৱস্থাত নিশা প্ৰায় বাৰমান বজাত দোকানত অগ্নিসংযোগ ঘটাৰ খবৰ লাভ কৰে৷ ঘটনাস্থলীত গাঁৱৰ সকলো লোক উপস্থিত হোৱাৰ পূৰ্বে জুইত জাহ যায় কৰুণা বৈশ্যৰ গেলামাল দোকানৰ সকলো সামগ্ৰী আৰু নগদ ধন৷

প্ৰায় সাত লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়৷ অৱশ্যে জুই কিদৰে লাগিল সেই বিষয়ে এতিয়াও জানিব পৰা নাই৷ ইফালে অগ্নিকাণ্ডৰ পিছত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছতো অগ্নিনিৰ্বাপক বাহিনী আহি নোপোৱাৰ অভিযোগ কৰে স্থানীয় লোকে৷ ফলত উদ্ধাৰ কৰিবলৈ সক্ষম নহল ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ এপদ সামগ্ৰীও৷

শেহতীয়া বাতৰি