শিলচৰত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্য়ুক সাৱটিলে এটি কণমানিয়ে

News18 Assam | News18-Assam
Updated:February 29, 2020, 6:50 PM IST
শিলচৰত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্য়ুক সাৱটিলে এটি কণমানিয়ে
মৃত ৩ বছৰীয়া শিশুটিৰ নাম ৰত্নদীপ নাথ।

মৃত ৩ বছৰীয়া শিশুটিৰ নাম ৰত্নদীপ নাথ।

  • Share this:
শিলচৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।  জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে এটি কণমানিয়ে। শিলচৰত ভয়ংকৰ অগ্নিকাণ্ড। মৃত ৩ বছৰীয়া শিশুটিৰ নাম ৰত্নদীপ নাথ।
অগ্নিকাণ্ডত আহত শিপ্তি নাথ নামৰ এগৰাকী মহিলা। আহত মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি।

অম্ভিকাপট্টী পয়েণ্টৰ দীনেশ এনক্লেভ ফ্লেটত জুই। মৃত ৰত্নদীপ কলেজিয়েট স্কুলৰ নাৰ্ছাৰীৰ ছাত্ৰ।চলিত বৰ্ষত স্কুলীয়া জীৱন আৰম্ভ কৰিছিল ৰত্নদীপে। ৰত্নদীপৰ মাতৃ ছৰবৰী নাথ জলসম্পদ বিভাগৰ কৰ্মচাৰী।অগ্নিকাণ্ডৰ সময়ত কাৰ্যালয়ত আছিল ৰত্নদীপৰ মাতৃ।

ব্যৱসায় সূত্ৰে বাহিৰত আছিল পিতৃ ৰামেন্দু নাথ। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। ঘটনাস্থলীত উপস্থিত আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া।
Published by: Himangshu Bhuyan
First published: February 29, 2020, 6:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি