নলবাৰী নিজ বাঁহজানীত ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাহ গ’ল সুনীল হালৈ আৰু অনিল হালৈৰ এটি পকীঘৰ। শ্বট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড হোৱাৰ সন্দেহ কৰা হৈছে।
অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় ঘৰৰ সা-সম্পত্তি। ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয়। অনুমান মতে, প্ৰায় ১৫ লাখ টকাৰ সম্পত্তি জুইত ভস্মীভূত হয়।
ঘটনাৰ খবৰ পোৱা মাত্ৰকে অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন আৰু স্থানীয় লোকে এই জুই নিৰ্বাপণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|