বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / Barpeta News: বৰপেটাৰোডত ভয়ংকৰ অগ্নিকাণ্ড ! দুটাকৈ ঘৰ জুইত জাহ যোৱাৰ লগতে প্ৰায় ৭ লক্ষাধিক টকাৰ সা–সম্পত্তিৰ ক্ষয়–ক্ষতি

Barpeta News: বৰপেটাৰোডত ভয়ংকৰ অগ্নিকাণ্ড ! দুটাকৈ ঘৰ জুইত জাহ যোৱাৰ লগতে প্ৰায় ৭ লক্ষাধিক টকাৰ সা–সম্পত্তিৰ ক্ষয়–ক্ষতি

Barpeta News: বৰপেটাৰোডত ভয়ংকৰ অগ্নিকাণ্ড ! দুটাকৈ ঘৰ জুইত জাহ যোৱাৰ লগতে প্ৰায় ৭ লক্ষাধিক টকাৰ সা–সম্পত্তিৰ ক্ষয়–ক্ষতি

এই অগ্নিকাণ্ডৰ ফলত দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

  • News18 Assam Barpeta Road,Barpeta,Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

বৰপেটাৰোডৰ বাহবাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই অগ্নিকাণ্ডৰ ফলত দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এই ঘটনা  বৰপেটাৰোডৰ বাহাবাৰীৰ প্ৰতাপ মণ্ডলৰ ঘৰত সংঘটিত হয়।

জানিব পৰা মতে, ঘৰৰ ভিতৰত থাপনাত দিয়া চাকিৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি গেছ চিলিণ্ডাৰত জুই লাগি বিস্ফোৰণ হয়। কালি সন্ধিয়া প্ৰতাব মণ্ডল নামৰ এজন লোকৰ ঘৰৰ ভিতৰৰ থাপনাত দিয়া ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা কৰি ঘৰৰ সকলো মানুহ প্ৰতিবেশীৰ ঘৰলৈ ফুৰিবলৈ গৈছিল আৰু তেনে সময়তে এই অপ্ৰীতিকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

বিজ্ঞাপন

উল্লেখ্য যে, স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল যদিও নিৰ্বাপন নোহোৱাত তেওঁলোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

মন কৰিবলগীয়া যে, অগ্নিকাণ্ডৰ ফলত দুটাকৈ ঘৰ জুইত জাহ যোৱাৰ লগতে প্ৰায় ৭ লক্ষাধিক টকাৰ সা–সম্পত্তিৰ ক্ষয়–ক্ষতি হয়।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন