গহপুৰৰ হেলেম আমতলাবড়িত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰায় ৪৫ লাখ টকাৰ সম্পত্তি ভস্মীভূত

শ্বৰ্ট চাকিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।

News18-Assam
Updated:October 11, 2019, 10:54 AM IST
গহপুৰৰ হেলেম আমতলাবড়িত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰায় ৪৫ লাখ টকাৰ সম্পত্তি ভস্মীভূত
শ্বৰ্ট চাকিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
News18-Assam
Updated: October 11, 2019, 10:54 AM IST
গহপুৰৰ হেলেম আমতলাবড়িত পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড। সদৌ অসম সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি, প্ৰবীণ সাংবাদিক সুৰেশ বৰঠাকুৰৰ বাসগৃহ সম্পূৰ্ণৰূপে জাহ গ’ল জুইত। কথমপি প্ৰাণৰক্ষা পৰে প্ৰবীণ সাংবাদিকগৰাকীৰ পৰিয়ালবৰ্গৰ। অগ্নিকাণ্ডত বাসগৃহৰ লগতে সোণৰ অলংকাৰ, বাইক, কাপোৰ–কানি, আচবাবকে ধৰি ৪০–৪৫ লাখ টকাৰ সা–সম্পত্তি ভস্মীভূত হয়। শ্বৰ্ট চাকিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি