মুখ্যপৃষ্ঠা »খবৰ »অসম »Majuli : ব্যাপক খহনীয়াত বিনিদ্ৰৰজনী পাৰ কৰিছে মাজুলীৰ ভকত চাপৰিৰ ভীমপৰাবাসীয়ে

Majuli : ব্যাপক খহনীয়াত বিনিদ্ৰৰজনী পাৰ কৰিছে মাজুলীৰ ভকত চাপৰিৰ ভীমপৰাবাসীয়ে

উপ-নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আজিও নহ'ল পূৰণ

উপ-নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আজিও নহ'ল পূৰণ

উপ-নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আজিও নহ'ল পূৰণ

  • Share this:
মাজুলীৰ ভকত চাপৰিৰ ভীমপাৰাত ব্ৰহ্মপুত্ৰ আৰু টুনি সুঁতিৰ খহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰাত স্থানীয় ৰাইজে বিনিদ্ৰ ৰজনী কটাইছে। ভীমপাৰাৰ লগতে পকীমুৰী, চামগুৰি, আলিমূৰ আদি অঞ্চলৰ কাষেৰে বৈ যোৱা টুনি নৈ আৰু ব্ৰহ্মপুত্ৰৰ এটা চেৰাসুঁতিয়ে ভকত চাপৰিৰ ভীমপাৰাৰ বিস্তীৰ্ণ কৃষি পথাৰ খহাই নিয়াত ৰাইজে মূৰে–কপালে হাত দিছে।

ভকত চাপৰি-আলিমূৰৰ পৰা গোৱালগাঁও সংযোগী মূল পথটো খহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে দুৰ্ভোগ ভোগ কৰি অহাৰ সমান্তৰালকৈ বিগত বৰ্ষত কেইবাটাও পৰিয়ালে ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱাৰ পিছতো খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰৰ গা লৰা নাই।

ৰাইজে খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও প্ৰতিশ্ৰুতিৰ বাহিৰে অঞ্চলটোৰ সুৰক্ষাৰ বাবে চৰকাৰে একো নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে।

যাতায়াত-যোগাযোগ বিচ্ছিন্ন ভকতচাপৰিৰ ষোল্লখন গাঁৱৰ ৰাইজে ২০২১ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰাৰ পিছত অনুষ্ঠিত কৰা উপ-নিৰ্বাচনত ভকত চাপৰিৰ গৰিষ্ঠসংখ্যক লোকেই ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও ৰাইজৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে ভকত চাপৰিত বৃহৎ নিৰ্বাচনী সভা অনুষ্ঠিত কৰি সেই সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ৰাইজৰ মাজত প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছিল।

উপ-নিৰ্বাচনত ভুবন গাম জয়ী হোৱাৰ পিছত ভকত চাপৰিলৈ এবাৰো ঘূৰি চাবলৈ আহৰি নোহোৱা আৰু সাংসদ প্ৰদান বৰুৱাৰ লগতে জলসম্পদ বিভাগৰো চৰম অৱহেলাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে। দেখা গৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগে লগেই ভীমপাৰাত খহনীয়াই ধাৰণ কৰা ভয়াৱহতাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। নিতৌ খহনীয়াত জাহ যোৱা ভীমপাৰাৰ বিস্তৰ কৃষিভূমিৰ লগতে জীৱন-সম্পত্তি হেৰুৱাব খোজা স্থানীয় ৰাইজে চৰকাৰক খহনীয়া প্ৰতিৰোধৰ বাবে দাবী জনাইছে।

শেহতীয়া বাতৰি