মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Massive Earthquake in Assam: নগাঁৱৰ নৱনিৰ্মিত অট্টালিকা হৈ পৰিল হেলনীয়া, ৰাইজৰ মাজত আতংক

Massive Earthquake in Assam: নগাঁৱৰ নৱনিৰ্মিত অট্টালিকা হৈ পৰিল হেলনীয়া, ৰাইজৰ মাজত আতংক

News18 Assam | News18-Assam
Updated:April 28, 2021, 11:26 AM IST
Massive Earthquake in Assam: নগাঁৱৰ নৱনিৰ্মিত অট্টালিকা হৈ পৰিল হেলনীয়া, ৰাইজৰ মাজত আতংক
বুধবাৰে পুৱা সমগ্ৰ অসমতে হোৱা ভূমিকম্পৰ ফলত নগাঁৱতো বিস্তৰ ক্ষতিসাধন হৈছে।

বুধবাৰে পুৱা সমগ্ৰ অসমতে হোৱা ভূমিকম্পৰ ফলত নগাঁৱতো বিস্তৰ ক্ষতিসাধন হৈছে।

  • Share this:
বুধবাৰে পুৱা সমগ্ৰ অসমতে হোৱা ভূমিকম্পৰ ফলত নগাঁৱতো বিস্তৰ ক্ষতিসাধন হৈছে। চহৰখনৰ ফৌজদাৰীপট্টিৰ কাঠমিল চাৰিআলিস্থিত জগদীশ প্ৰসাদ নামৰ এগৰাকী ঠিকাদাৰৰ নৱনিৰ্মিত অট্টালিকাৰ বিস্তৰ ক্ষতিসাধন হয়।

ভূমিকম্পৰ ফলত অট্টালিকাটো হেলনীয়া গৈ কাষৰ এটা অট্টালিকাৰ গাত লাগি যায়। ইয়াৰ পিছতে সমগ্ৰ চহৰৰ ৰাইজৰ মাজতে তীব্ৰ আতংকই বিৰাজ কৰে। ৰাইজে অট্টালিকাটো প্ৰত্যক্ষ কৰিবলৈ ব্যাপক ভিৰ কৰাও পৰিলক্ষিত হয়। জানিব পৰা মতে, অট্টালিকাটো বৰ্তমানেও নিৰ্মীয়মান অৱস্থাতে আছে। ভূমিকম্পৰ সময়ত অট্টালিকাটোত দুটা পৰিয়ালৰ ৫ জন সদস্য আছিল যদিও সৌভাগ্যক্ৰমে তেওঁলোক ৰক্ষা পৰে।

আনহাতে, অট্টালিকাটোৰ সন্মুখত জনসমাগম দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁও আৰক্ষী অধীক্ষকে সেই স্থানত উপস্থিত হৈ ৰাইজক জনসমাগম পৰিহাৰ কৰি আঁতৰি যাবলৈকো অনুৰোধ জনায়।
Published by: Himangshu Bhuyan
First published: April 28, 2021, 11:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি