বছৰৰ অন্তিমটো দিনত জালুকবাৰীত যানবাহন আৰক্ষীৰ ব্যাপক অভিযান। যানবাহন আইন ভংগকাৰীসকলৰ বিৰুদ্ধে সৰৱ জালুকবাৰী যানবাহন আৰক্ষী চকী। বাহনৰ চালকে সুৰামত্ত হৈ বাহন চলাইছে নেকি সেয়া তন্ন-তন্নকৈ পৰীক্ষা যানবাহন আৰক্ষীৰ।
ব্ৰেথ এনালাইজাৰৰ জৰিয়তে সকলোকে পৰীক্ষা। উল্লেখ্য যে, মদ্যপান কৰি বাহন চলোৱা চালকসকলৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। সুৰাসক্ত হৈ বাহন চলোৱা চালকসকলৰ বিৰুদ্ধে যানবাহন আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ।
মন কৰিবলগীয়া কথা যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰৰ নিশা সুৰাপান নকৰাকৈ বাহন চলাবলৈ সকলোকে আহ্বান জনাইছিল। বছৰটোৰ শেষৰ দিনটো যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় তাৰবাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনাইছিল।
Published by: Kokil Sarma
FIRST PUBLISHED : December 31, 2021, 23:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।