• Home
  • »
  • News
  • »
  • assam
  • »
  • Lurinjyoti Gogoi : বিজেপি বিধায়কৰ নেতৃত্বত শিৱসাগৰ-চৰাইদেউ জিলাত ব্যাপক ৰূপত কয়লা ছিণ্ডিকেট চলিছে– সংবাদমেলত লুৰিণজ্যোতি গগৈ

Lurinjyoti Gogoi : বিজেপি বিধায়কৰ নেতৃত্বত শিৱসাগৰ-চৰাইদেউ জিলাত ব্যাপক ৰূপত কয়লা ছিণ্ডিকেট চলিছে– সংবাদমেলত লুৰিণজ্যোতি গগৈ

লুৰিণজ্যোতি গগৈয়ে কয় যে আপোচবিহীন স্বাভিমানী জাতীয়তাবাদক গতি দিয়াৰ চেষ্টা পৰিষদে কৰি আছে।

লুৰিণজ্যোতি গগৈয়ে কয় যে আপোচবিহীন স্বাভিমানী জাতীয়তাবাদক গতি দিয়াৰ চেষ্টা পৰিষদে কৰি আছে।

লুৰিণজ্যোতি গগৈয়ে কয় যে আপোচবিহীন স্বাভিমানী জাতীয়তাবাদক গতি দিয়াৰ চেষ্টা পৰিষদে কৰি আছে।

  • Share this:
"বৰ্তমান অসমত চলিছে কয়লাৰ ব্যাপক  ছিণ্ডিকেট।চৰকাৰৰ পৃষ্ঠপোষকতাত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাত কয়লাৰ ছিণ্ডিকেট চলিছে। বিহুবৰ, নিমনাগড়, ভজো আদিত কয়লা  ছিণ্ডিকেটৰ নেতৃত্ব লৈছে প্ৰাক্তন শিক্ষক তথা  বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।" –এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

আজি শিৱসাগৰত এখন সংবাদমেল অনুষ্ঠিত কৰি লুৰিণজ্যোতি গগৈ (Lurinjyoti Gogoi)য়ে লগতে কয়লা ছিণ্ডিকেটৰ জৰিয়তে কোটি কোটি টকা সংগ্ৰহ কৰি টকাৰ জোৰত ধৰ্মেশ্বৰ কোঁৱৰে  টিকট লৈ বিধায়ক হোৱা বুলি অভিযোগ উত্থাপন কৰে।

তেওঁ কয়–  "এইজন বিধায়কে প্ৰতিখন কয়লা গাড়ীৰ পৰা দহ হাজাৰ টকাকৈ সংগ্ৰহ কৰে।   দিছপুৰলৈ টকাৰ ভাগ পঠিয়ায়। এইসমূহ বন্ধ হ'ব লাগে‌। মুখ্যমন্ত্ৰীয়ে এইসমূহৰ বিৰুদ্ধে অনুসন্ধান কৰি বিহিত ব্যৱস্থা ল'ব লাগে।"

সংবাদ মেলত তেওঁ শিৱসাগৰৰ উন্নয়নত (Development Of Sivasagar) চৰকাৰে কোনো গুৰুত্ব দিয়া নাই বুলি ক্ষোভ প্ৰকাশ কৰে।‌ লুৰিণজ্যোতি গগৈয়ে কয় যে আপোচবিহীন স্বাভিমানী জাতীয়তাবাদক গতি দিয়াৰ চেষ্টা পৰিষদে কৰি আছে। সাংগঠনিক ভেটি সুদৃঢ় কৰিবৰ বাবে সংগঠনৰ লোকসকলক একত্ৰিত কৰাৰ চেষ্টা কৰাৰ লগতে দলটোৰ শিপা মজবুত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

তেওঁ লগতে আহোম শাসনৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধন শিৱসাগৰৰ ৰাইজে দেখা নাই বুলি উল্লেখ কৰি নলা-নৰ্দমাৰ শোচনীয় অৱস্থা, ব্ৰিটিছৰ দিনৰ পাঁচটা ট্ৰেফিক পইণ্ট এতিয়াও পাঁচটাই থকাটোৱে শিৱসাগৰৰ উন্নয়ন বুলি প্ৰকাশ কৰে। তেওঁ লগতে শিৱসাগৰে ধৰ্মীয় একতাৰ ধ্বজা বহন কৰাৰ সময়ত আজান পীৰ দৰগাহ অৱহেলিত কিয় বুলি প্ৰশ্ন কৰে।

বিজেপি চৰকাৰৰ দিনত এই অৱহেলা আৰু বৃদ্ধি পাইছে বুলি অভিযোগ কৰি গগৈয়ে কয়– শিৱসাগৰৰ নগৰৰ মাজমজিয়াৰ ৰে'ল ষ্টেচন এতিয়াও শতিকা পুৰণি অৱস্থাত। শিক্ষাৰ দিশত পিছপৰা শিৱসাগৰ। নাই এখন আইন কলেজ। ব্ৰহ্মপুত্ৰ, দিখৌ, দিচাং নদীৰ খহনীয়াত শিৱসাগৰ বিধ্বস্ত। দিচাংমুখত ভয়াবহ খহনীয়া ৰোধৰ কোনো উপায় নাই।এতিয়াও শিৱসাগৰত সিঁচৰিত হৈ থকা প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ জৰীপ নহ'ল।এজন তদানীন্তন উপায়ুক্তৰ নেতৃত্বত এই সমূহ চিনাক্ত কৰি লিপিবদ্ধ হ'ল কিন্তু আজিও এই সমূহৰ সংবৰ্ধনৰ কোনো ব্যৱস্থা নহ'ল।

গগৈয়ে কয়– ৰাজীৱ গান্ধী পেট্ৰ'লিয়াম প্ৰতিষ্ঠানৰ নামত শিৱসাগৰক চূড়ান্ত অন্যায় কৰা হ'ল। এখন পূৰ্ণাংগ তৈল শিক্ষা অনুষ্ঠানৰ সলনি এক ডিপ্লমা শিক্ষা প্ৰতিষ্ঠানলৈ পৰিৱৰ্তিত কৰিলে।শিৱসাগৰত খাৰুৱা তেল উৎপাদন হয় অথচ খাৰুৱা তেল সন্দৰ্ভত শিক্ষা লাভৰ কোনো ব্যৱস্থা শিৱসাগৰক দিয়া নহ'ল। সেইদৰে সমবায় বিশ্ববিদ্যালয়ৰ দিশতো এক চৰম প্ৰতাৰণা। এতিয়াও ভাড়াঘৰত ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়।মাটিৰ আৱণ্টন হ'ল কিন্তু ভৱন নিৰ্মাণ নহ'ল। এই বিশ্ববিদ্যালয় যদি জালুকবাৰীত হ'ল হয়, তেন্তে নিশ্চিতভাৱে এই বিশ্ববিদ্যালয় সম্পূৰ্ণ হৈ উঠিলে হয়। কিন্তু শিৱসাগৰ বাবে নহ'ল।  শিৱসাগৰত এখন পূৰ্ণাঙ্গ ষ্টেডিয়াম নাই। একমাত্ৰ ষ্টেডিয়ামখন পানীৰ তলত। এয়াই শিৱসাগৰৰ খেলৰ পৰিৱেশ।

তেওঁ চিকিৎসাৰ দিশটো শিৱসাগৰ অৱহেলিত বুলি উল্লেখ কৰি অ'এনজিচিৰ উদ্যোগত এখন মাল্টি স্পেচিয়েলিটি চিকিৎসালয় হ'ল যদিও এয়া ব্যক্তিগত চিকিৎসালয়ৰ দৰে পৰিগণিত হোৱা বুলি কয়। তেওঁ কয়– শিৱসাগৰৰ ৰাইজ বেমাৰ হ'লে ডিব্ৰুগড়লৈ দৌৰিব লাগে। এয়াই শিৱসাগৰৰ প্ৰতি চৰকাৰৰ মৰম। আনহাতে সভাপতি গগৈয়ে শিৱসাগৰ সমষ্টিৰ উন্নয়নত ৰাইজৰ দলৰ সভাপতি অখিল গগৈক অধিক সৱল আৰু সক্ৰিয় হ'বলৈ আহ্বান জনায়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি