உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'মা নাকান্দিবা, বাবা আহি আছে' বুলি কৈ পদূলিমুখলৈ দেউতাকক বিচাৰি যায় শ্বহীদৰ দুই কণমানি সন্তানে

    'মা নাকান্দিবা, বাবা আহি আছে' বুলি কৈ পদূলিমুখলৈ দেউতাকক বিচাৰি যায় শ্বহীদৰ দুই কণমানি সন্তানে

    মাজে মাজে শিশু কন্যাই পিতৃক মোবাইলত ফোন লগাবলৈ চেষ্টা কৰে।

    মাজে মাজে শিশু কন্যাই পিতৃক মোবাইলত ফোন লগাবলৈ চেষ্টা কৰে।

    মাজে মাজে শিশু কন্যাই পিতৃক মোবাইলত ফোন লগাবলৈ চেষ্টা কৰে।

    • Share this:

    "বাবা তুমি সোনকালে উভতি আহা, মা বাবা ক'ত গৈছে? বাবাই ডিউটীৰ পৰা আহোঁতে মোলৈ চকলেট লৈ আহিব..." –এনেকৈয়ে দেউতাক ক'ত গৈছে বুলি বাৰে বাৰে প্ৰশ্ন কৰি মাতৃ সুনীতা পাৰবিন বৰভূঞাক প্ৰশ্ন কৰিছে বৰাক উপত্যকাৰ কাছাৰ জিলাৰ ঢলাইৰ ৰুক্নি ১ নংৰ প্ৰয়াত বীৰ শ্বহীদ মজৰুল হক বৰভূঞাৰ দুই কণমানি পুত্ৰ–কন্যাই।


    সোমবাৰে মিজো আৰক্ষীৰ গুলীবৰ্ষণত ইহ সংসাৰ ত্যাগ কৰা ঢলাই সমষ্টিৰ ৰুক্নি ১নং অঞ্চলৰ মজৰুল হক বৰভূঞা আকৌ উভতি আহিব বুলি অধীৰ অপেক্ষাৰে বাট চাইছে দুই কণমানি সন্তানে। মৃত্যু মানে কি ভালদৰে বুজি নোপোৱা দ্বিতীয় শ্ৰেণীৰ কন্যা মমিতা বেগম আৰু স্কুললৈ নোযোৱা আঢ়ৈ বছৰীয়া মকদুল হকে এতিয়াও পিতৃ উভতি আহিব বুলি পদূলি মুখত বাট চাই ৰৈছে।


    মাজে মাজে ছোৱালীজনীয়ে পিতৃক মোবাইলতো ফোন লগাবলৈ চেষ্টা কৰিছে। আপুনি সেই দৃশ্য দেখিলে চকুৰ পানী ধৰি ৰাখিব নোৱাৰিব। এক হৃদয় বিদাৰক দৃশ্য– দুই সন্তানে মোবাইলত বাপেকৰ ফটোখন উলিয়াই লৈ বুকুত সাৱটি আছে, চুমা খাইছে আৰু সোনকালে আহা বুলি মাতিছে।


    ঘৰখনলৈ অকস্মাৎ বহু লোকৰ সমাগম হোৱাত তেওঁলোকে একো ধৰিব পৰা নাই, সেয়ে কান্দি থকা শ্বহীদৰ পত্নীৰ ওচৰলৈ গৈ কৈছে– 'মা নাকান্দিবা, বাবা আহি আছে।' তেনেকে কৈ আকৌ পদূলি মুখলৈ দৌৰ মাৰে, কিজানিবা তেওঁলোকৰ দেউতাক আহিলেই!


    কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস । দুদিন পূৰ্বে নিজৰ ৰাজ্যৰ ভূমি সুৰক্ষাৰ বাবে সীমান্তত থাকোঁতে দুৰ্বৃত্তৰ গুলীত চিৰদিনৰ বাবে চকু মুদিলে অসম আৰক্ষীৰ জোৱান মজৰুল হক বৰভূঞাই। মাতৃ সুনীতা পাৰবিন বৰভূঞাই ঠোকাঠুকি মাতেৰে নিউজ১৮ ক জনালে যে মজৰুলৰ ল'ৰা-ছোৱালী দুটাক লৈ বহুত সপোন আছিল। দুয়োটা সন্তানকে মানুহ হিচাপে গঢ় দিব বিচাৰিছিল পিতৃ মজৰুলে। ডাঙৰ হ'লে পুত্ৰক চিকিৎসক আৰু ছোৱালীক কলেজৰ প্ৰফেছৰ কৰাৰ মন আছিল মজৰুলৰ।

    Published by:Gautam Barman
    First published: