ঐতিহাসিক আলাবৈ যুদ্ধৰ শ্বহীদক সোঁৱৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, সংগ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ বহুজনে

কামৰূপ জিলাৰ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত আলাবৈ স্মৃতি দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
কামৰূপ জিলাৰ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত আলাবৈ স্মৃতি দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
- News18 Assam
- Last Updated: August 5, 2020, 6:59 PM IST
বুধবাৰে অসমীয়াৰ বীৰত্বৰ কাহিনীৰে উজ্জ্বিৱিত আলাবৈ ৰণত দেশ আৰু জাতিৰ বাবে প্ৰাণাহুতি দিয়া দহ হাজাৰ অসমীয়া বীৰলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে অসম চৰকাৰে ৷ অসম চৰকাৰৰ প্ৰত্নতত্ত্ব আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত কামৰূপ জিলা প্ৰশাসন , শৰাইঘাট জাৰ্ণেলিষ্ট ফ’ৰাম আলাবৈ স্মৃতি ৰক্ষা সমিতিৰ সহযোগ ঐতিহাসিক আলাবৈ ৰণৰ দহ হাজাৰ অসমীয়া বীৰলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে ৷
অনুষ্ঠানত উপস্থিত থাকি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদ তৰ্পণ আৰু আহোম পৰম্পৰা অনুসৰি মৃতকৰ সদ্গতিৰ কাৰণে দাংফি অনুষ্ঠিত কৰে ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত উপস্থিত থাকে জালুকবাৰী সমষ্টিৰ বিধায়ক তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত, কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতা আৰু মুখ্য সচিব সঞ্জয় কৃষ্ণ।