News18-Assam Updated:June 27, 2019, 1:52 PM IST
'শ্বহীদৰ পত্নী বুলিয়ে নহয় এগৰাকী মহিলা হিচাপে কঠোৰ শাস্তি বিচাৰো।'
'শ্বহীদৰ পত্নী বুলিয়ে নহয় এগৰাকী মহিলা হিচাপে কঠোৰ শাস্তি বিচাৰো।'
অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল শ্বহীদ সুনীল কলিতাৰ পত্নীক অপমান কৰি ফেচবুকত মন্তব্য কৰা এজন লোকক। কমলপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত কমলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত তিনিজনীয়া অসম আৰক্ষীৰ দলে জম্মু–কাশ্মীৰৰ কুলগাম জিলাৰ ছাহিল আব্বাছক গ্ৰেপ্তাৰ কৰে। ছট্টীশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা সুনীল কলিতাৰ পত্নীক উদ্দেশ্যি ছচিয়েল মিডিয়াত অত্যন্ত অশালীন মন্তব্য কৰিছিল এইটো নৰাধমে। মঙলবাৰে কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃণাল দাস এএছআই জয়ানুৰ ৰহমান আৰু কনিষ্টবল হিমাংশু দাসে চাহিল আব্বাছক গ্ৰেপ্তাৰ কৰি অসমলৈ আনে। ইয়াৰ পিছতে সংবাদমাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সুনীল কলিতাৰ পত্নীয়ে লম্পটটোৰ কঠোৰ শাস্তিৰ পোষকতা কৰে।
ছহিদ পত্নী বুলিয়ে নহয়, এগৰাকী মহিলা হিচাপে ছাহিল আব্বাছৰ কঠোৰ শাস্তি পোষকতা কৰে শ্বহীদ সুনীল কলিতাৰ দুৰ্ভগীয়া পত্নীয়ে। ইয়াৰ পিছত কোনেও এনেধৰণৰ কাম কৰিবলৈ দু:সাহস নকৰে তেনে এক দৃষ্টান্তমূলক শাস্তী দিব লাগে বুলি উল্লেখ কৰে শ্বহীদগৰাকীৰ পত্নীয়ে।সেইদৰে দোষীক কৰায়ত্ত কৰিবলৈ অসম আৰক্ষীয়ে দেখুওৱা তৎপৰতাৰ শলাগ লয় তেখেতে।
উল্লেখ্য যে, ২৮ মে’ত মাওবাদীৰ আক্ৰমণত আহত হৈ পৰৱৰ্তী সময়ত শ্বহীদ হোৱা সুনীল কলিতাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পূৰ্বেই তেওঁৰ পত্নীক লৈ ফেচবুকত অসামাজিক মন্তব্য কৰিছিল শ্বাহিল আব্বাছ নামৰ লোকজনে।