পঞ্চভূতত বিলীন হ’ল শ্বহীদ মৃত্যুঞ্জয় চুতীয়া, ধেমাজিৰ নিজ গৃহতে সামৰিক মৰ্যদাৰে সম্পন্ন কৰা হ’ল শেষকৃত্য

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ সমীপৱৰ্তী গন্দীৰৱালত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণত নিহত হোৱা মৃতুঞ্জয় চুতীয়াৰ শেষকৃত্য শনিবাৰে স্ব-গৃহত সামৰিক মৰ্যদাৰে সম্পন্ন কৰা হয়।
জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ সমীপৱৰ্তী গন্দীৰৱালত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণত নিহত হোৱা মৃতুঞ্জয় চুতীয়াৰ শেষকৃত্য শনিবাৰে স্ব-গৃহত সামৰিক মৰ্যদাৰে সম্পন্ন কৰা হয়।
- News18 Assam
- Last Updated: December 26, 2020, 8:51 PM IST
উল্লেখযোগ্য যে, যোৱা ২৩ ডিচেম্বৰত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমনত চকু আৰু মূৰত গুৰুতৰ ভাৱে আঘাত পাইছিল মৃত্যুঞ্জয়ে। পিছত ততাতৈয়াকৈ চিকিত্সালয়লৈ নিয়া হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃতুক আঁকোৱালি লৈছিল মৃত্যুঞ্জয় চুতীয়াই।
শনিবাৰে দিনৰ ১২ বজাত বীৰ শ্বহীদ জোৱান জনৰ নিথৰ দেহ ঘৰলৈ লৈ অনা হয়। আৰু ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক শোকাকূল পৰিবেশৰ। বীৰ জোৱানজনক অন্তিম শ্ৰদ্ধা জনাবলৈ প্ৰায় ৫ হাজাৰ লোক সমবেত হয়।