• Home
  • »
  • News
  • »
  • assam
  • »
  • মাত্ৰ ১৭ বছৰ বয়সতে দেশৰ বাবে শ্বহীদ হোৱা কনকলতা বৰুৱাৰ আজি মৃত্যু বাৰ্ষিকী

মাত্ৰ ১৭ বছৰ বয়সতে দেশৰ বাবে শ্বহীদ হোৱা কনকলতা বৰুৱাৰ আজি মৃত্যু বাৰ্ষিকী

ইংৰাজৰ দখলত থকা গহপুৰৰ থানাত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ কনকলতা বৰুৱাই অন্য বহুতো স্বাধীনতা সংগ্ৰামীয়ে মৃত্যু বাহিনীত যোগ দিছিল আৰু আন্দোলন কৰিছিল।

ইংৰাজৰ দখলত থকা গহপুৰৰ থানাত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ কনকলতা বৰুৱাই অন্য বহুতো স্বাধীনতা সংগ্ৰামীয়ে মৃত্যু বাহিনীত যোগ দিছিল আৰু আন্দোলন কৰিছিল।

ইংৰাজৰ দখলত থকা গহপুৰৰ থানাত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ কনকলতা বৰুৱাই অন্য বহুতো স্বাধীনতা সংগ্ৰামীয়ে মৃত্যু বাহিনীত যোগ দিছিল আৰু আন্দোলন কৰিছিল।

  • Share this:
আজি অসমৰ গৌৰৱ, স্বাধীনতা সংগ্ৰামী, দেশভক্ত কনকলতা বৰুৱাৰ মৃত্যু বাৰ্ষিকী। ১৯৪২ চনৰ ছেপ্তেম্বৰ মাহৰ আজিৰ দিনটোতেই তেখেতে দেশৰ হকে নিজৰ প্ৰাণ আহুতি দিছিল। গহপুৰ থানাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ যোৱা বাটত ব্ৰিটিছ আৰক্ষী বিষয়াৰ গুলীত কনকলতা বৰুৱা শ্বহীদ হৈছিল। কনকলতা বৰুৱাই ১৭ বছৰ বয়সতে দেশৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল।

কনকলতা বৰুৱাৰ জন্ম ১৯২৪ চনৰ ২২ ডিচেম্বৰত দৰং জিলাৰ গহপুৰত হৈছিল। কনকলতা বৰুৱাই কিশোৰী অৱস্থাতে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। তেওঁ জোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পৰা অনুপ্ৰাণিত হৈছিল আৰু দেশৰ হকে কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল। কনকলতা বৰুৱা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী স্বেচ্ছাসেৱিকা আছিল। তেখেতে পুষ্পলতা দাসৰ সৈতে 'মৃত্যু বাহিনী' দলত যোগ দি বিভিন্ন মিটিঙত যোগদান কৰাৰ লগতে ভাষণ দিছিল। দেশক স্বাধীন কৰাৰ মনোভাৱেৰে মৃত্যুক সাৱতিবলৈও কুণ্ঠাবোধ কৰা নাছিল দেশভক্ত কনকলতাই।

সেই সময়ত, জোতিপ্ৰসাদ আগৰৱালাৰৰ নেতৃত্বত ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই গহপুৰ, বিহালী, চতিয়া আৰু ঢেকীয়াজুলি থানাত উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। সেই মৰ্মে গহপুৰ থানাত ভাৰতীয় পতাকা উত্তোলন কৰিবলৈ আগভাগ লৈছিল কলকলতা বৰুৱাই।

ইংৰাজৰ দখলত থকা গহপুৰৰ থানাত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ কনকলতা বৰুৱাই অন্য বহুতো স্বাধীনতা সংগ্ৰামীয়ে মৃত্যু বাহিনীত যোগ দিছিল আৰু আন্দোলন কৰিছিল। মৃত্যু বাহিনী দলে নিৰ্ধাৰিত ২০ ছেপ্তেম্বৰৰ দিনটোত পৰিকল্পনামতে ব্ৰিটিছৰ পতাকা নমাই দেশৰ পতাকা লগাবলৈ এক বিদ্ৰোহী যাত্ৰা কৰিছিল। হাতত পতাকা লৈ থানা অভিমুখে আগবাঢ়ি যোৱা গহপুৰৰ মৃত্যু বাহিনী দলৰ ৰেলীৰ সকলোতকৈ আগত আছিল কনকলতা বৰুৱা। কনকলতা বৰুৱাই হাতত জাতীয় পতাকাখন লৈ থানাত পতাকাখন লগাবলৈ যাওতে ব্ৰিটিছ সৈন্যই তেখেতৰ গালৈ গুলীচালনা কৰে আৰু তেওঁ মাটিত বাগৰি পৰে। দেশৰ স্বাৰ্থত কনকলতা বৰুৱা শ্বহীদ হয়। তেওঁৰ হাতত থকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন মুকুন্দ কাকতিয়ে মাটিত পৰিবলৈ নিদি ধৰি লওতে পুলিচৰ আন এক গুলীত একে স্থানতে তেওঁ শ্বহীদ হয়।

কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হোৱা স্থানতে বৰ্তমানৰ গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ আৰক্ষী থানাৰ সম্মুখৰ বৰপুখুৰীৰ পাৰত তেওঁলোকৰ স্মৃতিত ব্ৰঞ্জেৰে নিৰ্মিত মূৰ্তি যুগল প্ৰতিষ্ঠিত কৰা হৈছে। কনকলতাৰ এই ত্যাগে সকলোকে সাহক আৰু দেশৰ বাবে কাম কৰি যাবলৈ অনুপ্ৰেৰণা দিয়ে।
Published by:Sehnaz Begum
First published: